Assamassam policeleatest updateSocialআঞ্চলিক

১৯বছৰৰ পিছত আদালতৰ ৰায়দান; দোষমুক্ত ধেমাজিৰ বোমা বিস্ফোৰণৰ সকলো অভিযুক্ত।

আজিও ধেমাজিৰ ভুক্তভোগীয়ে পাহৰা নাই ২০০৪ চনৰ ১৫ আগষ্ট সেই ক’লা ছবি

২০০৪ চনৰ ১৫ আগষ্ট। ৰক্তাক্ত হৈছিল ধেমাজি। ছেদেলি-ভেদেলি হৈ পৰিছিল বহুতো নিৰীহ লোকৰ শৰীৰ। ১০টি শিশুসহ ১৩জনৰ মৃত্যু হৈছিল সেই বোমা বিস্ফোৰণত। আলফাই স্বীকাৰ কৰিছিল বোমা বিস্ফোৰণৰ দায়িত্ব। ধেমাজি সত্ৰ ন্যয়াধীশ আদালতে দোষী সাব্যস্ত কৰিছিল ৬ অভিযুক্তক। নিম্ন আদালতে ৬ অভিযুক্তকে যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। কিন্তু কি হ’ল! ন্যায় পালেনে ধেমাজি বোমা বিস্ফোৰণত নিহত পৰিয়ালে!

১৯বছৰৰ পিছত ৰায়দান দিলে আদালতে। দোষমুক্ত হ’ল সকলো অভিযুক্ত। ২৪ জুলাইত চূড়ান্ত শুনানিত ৰায়দান দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উপযুক্ত প্ৰমাণ দিব নোৱাৰিলে আৰক্ষীয়ে।৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালৰ। হোমেন গগৈ, যতীন দুৱৰী, প্ৰশান্ত ভূঞাক খালাচ। দোষমুক্ত হ’ল দীপাঞ্জলি বুঢ়াগোঁহাই, লীলা গগৈ, মুহী সন্দিকৈ।

ধেমাজি বোমা বিস্ফোৰণ কাণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। আজিও ৰাজ্যবাসীৰ লগতে ধেমাজিৰ ভুক্তভোগীয়ে পাহৰিব পৰা নাই সেই দিনটোৰ ক’লা ছবি। আজিও বহুজন জীৱন্ত সাক্ষী সেই ক’লা দিনটোৰ। এই ঘটনা স্বচক্ষে প্ৰত্যক্ষ কৰা ৰিমা পাংগিঙ এ ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। এই ঘটনাত গুৰুতৰভাৱে আহত হৈ দুবছৰ চিকিৎসাধীন হৈ আছিল ৰিমা পাংগিং।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.