অপৰাধৰাজস্থান

ছেভ কৰিব লওঁতেই হোৱাটচএপ ষ্টেটাচত লাগি যায় ডি এছ পি হীৰা লালৰ অশ্লীল ভিডিঅ’

পোহৰলৈ অহাৰ পিছত আটক কৰে আৰক্ষীয়ে

ৰাজস্থানৰ নিলম্বন হোৱা ডি এছ পি এগৰাকীৰ এটা অশ্লীল ভিডিঅ’ ভাইৰেল হৈছে ছ’ছিয়েল মিডিয়াত। এই ভিডিঅ’টিত আছে নিলম্বন হোৱা ডি এছ পি হীৰা লাল ছেনী,  এগৰাকী মহিলা কনিষ্টবল আৰু এটি শিশু।

১০ জুলাইত মহিলা কনিষ্টবল গৰাকীৰ শিশুৰ জন্মদিন আছিল আৰু জন্মদিন পালন কৰিবলৈ আৰক্ষী বিষয়া গৰাকীয়ে হোটেলত ৰুম লৈছিল। এই হোটেলখনত ব্যক্তিগত চুইমিং পুলো আছিল। সেই চুইমিং পুলতে তেওঁলোকে শিশুটিৰ জন্মদিন পালন কৰাৰ ভিডিঅ’ বনাই। লগতে তেওঁলোকে বনাই অশ্লীল ভিডিঅ’।

উল্লেখ্য যে, মহিলা গৰাকীৰ ওচৰত প্ৰায় ৫০ টা অশ্লীল ভিডিঅ’ আছিল। ১০ জুলাইত বনোৱা অশ্লীল ভিডিঅ’ মহিলা গৰাকীয়ে ছেভ কৰিব লওঁতেই হোৱাটচএপ ষ্টেটাচত লাগি যায় যাৰ বাবে ভিডিঅ’ ভাইৰেল হৈ পৰে।

তেওঁলোকৰ মাজত ৫ বছৰ ধৰি অবৈধ সম্বন্ধ আছিল।  এই ঘটনা পোহৰলৈ অহাৰ পিছত দুয়োকে আটক কৰে আৰক্ষীয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.