ভাৰত

নিজৰ জীৱনকো নেওচি দেশমাতৃৰ সেৱাত ব্ৰতী ভাৰতীয় বীৰ জোৱানৰ বাবে এটা বিশেষ দিন

ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ক'ভিড প্ৰট'কল মানি দেশৰ সকলো আৰ্মী কমাণ্ড হোডকোৱাৰ্টাৰতে পালন কৰা হৈছে ভাৰতীয় সেনা দিৱস।

আজি ৭৪ সংখ্যক ভাৰতীয় সেনা দিৱস। দেশমাতৃৰ সেৱাৰ স্বাৰ্থত নিজৰ জীৱনক উচৰ্গা কৰা ভাৰতীয় সেনাৰ বাবে এটা বিশেষ দিন। প্ৰত্যেক বছৰে ১৫ জানুৱাৰী তাৰিখে উদযাপন কৰা হয় এই ভাৰতীয় সেনা দিৱস।

ভাৰতীয় সেনাৰ প্ৰথমজন কমাণ্ডাৰ, ফিল্ড মাৰ্ছেল কে. এম. কেৰিয়াপ্পাৰ স্মৃতিত ভাৰতীয় সেনা দিৱস পালন কৰা হয়। ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ক’ভিড প্ৰট’কল মানি দেশৰ সকলো আৰ্মী কমাণ্ড হোডকোৱাৰ্টাৰতে পালন কৰা হৈছে ভাৰতীয় সেনা দিৱস।

দিৱসৰ লগত সংগতি ৰাখি দেশৰ প্ৰধানমন্ত্ৰীয়েও ভাৰতীয় জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰতিকূল অঞ্চলত প্ৰাকৃতিক দুৰ্যোগকো নেওচি দেশৰ সুৰক্ষাৰ বাবে অহৰহ কাম কৰি থকা বীৰ জোৱানসকলক টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে জ্ঞাপন কৰে শুভেচ্ছা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 5 =

Back to top button