দুৰ্ঘটনাভাৰতস্বাস্থ্য

সুৰা বুলি এচিড সেৱন কৰি কৰুণ মৃত্যু তিনিজনৰ

অত্যাধিক সুৰা পান কৰাৰ ফলত নিচাত মগ্ন হৈ এচিড আৰু সুৰাৰ মাজৰ পাৰ্থক্য বুজি নোপোৱাত ভুলতে পান কৰে এচিড

ত্ৰিপুৰাৰ ধলাই জিলাত সংঘটিত হ’ল এক শিহৰণকাৰী ঘটনা! সুৰা বুলি এচিড সেৱন কৰি কৰুণ মৃত্যুক সাবতি ল’লে ৩জনকৈ লোকে। বুধবাৰে আৰক্ষীয়ে সদৰী কৰিছে এই কথা।

নিহত তিনিজন লোক ক্ৰমে, ২২ বছৰীয়া শচীনদ্ৰা ৰিয়াং, ৪০ বছৰীয়া অধিৰাম ৰিয়াং আৰু ৩৮ বছৰীয়া ভাবিৰাম ৰিয়াং বুলি জানিব পৰা গৈছে।

সোমবাৰে নিশা কাঞ্চনচাৰা অঞ্চলত হোৱা এক পাৰ্টিত ১০ জন লোকে অংশগ্ৰহণ কৰিছিল। তাৰ ভিতৰত এই তিনিওজন লোকে অত্যাধিক সুৰা পান কৰাৰ ফলত নিচাত মগ্ন হৈ এচিড আৰু সুৰাৰ মাজৰ পাৰ্থক্য বুজি নোপোৱাত ভুলতে পান কৰে এচিড।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.