InternationalInternationalnationalPMo indiaSocial

ছত্তীশগড়ৰ সাজা আসনৰ পৰা সাতবাৰৰ কংগ্ৰেছ বিধায়কক পৰাজিত ঈশ্বৰ চাহুৰ, কোন এইজন ঈশ্বৰ চাহু?

গণপ্ৰহাৰত মৃত্যু ঘটিছিল ঈশ্বৰ চাহুৰ পুত্ৰ ভুৱনেশ্বৰ চাহুৰ।

ছত্তীশগড়ৰ বিজেপিৰ এজন নিৰ্বাচনী জয়ী প্ৰাৰ্থীয়ে দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীৰ। ঈশ্বৰ চাহু নামৰ এই প্ৰাৰ্থীজন পেছাত এজন সাধাৰণ শ্ৰমিক। কৰ্পদক শূন্য এজন ব্যক্তি। জীৱনত কেতিয়াও বিধানসভা নিৰ্বাচনত বাদ দিয়ক পঞ্চায়ত নিৰ্বাচনো খেলি পোৱা নাই। অথচ এই ঈশ্বৰ চাহুৱে প্ৰতিদ্বন্দ্বিতা কৰা চাজা সমষ্টিত হৰুৱালে ৭ বাৰৰ কংগ্ৰেছ বিধায়ক ৰবীন্দ্ৰ চৌবেক। অষ্টমবাৰৰ বাবে চাজা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল বৰ্তমানৰ বিধায়ক ৰবীন্দ্ৰ চৌবেয়ে। এসময়ত ছত্তীশগড় বিধানসভাৰ বিৰোধী নেতাও আছিল চৌবে। অথচ এনে এজন বিয়াগোম নেতাক কৰ্পদক শূন্য কেওকিছু নোহোৱা সাধাৰণ শ্ৰমিক বিজেপিৰ প্ৰাৰ্থী ঈশ্বৰ চাহুৱে পৰাজিত কৰিলে। আচলতে, ঈশ্বৰ চাহুৰ এই বিজয়ৰ আঁৰত আছে এক অত্যন্ত আৱেগিক কাৰণ। ২০২৩ চনৰ এপ্ৰিলত এক সাম্প্ৰদায়িক সংঘৰ্ষত এটা বিশেষ ধৰ্মৰ লোকৰ গণপ্ৰহাৰত মৃত্যু ঘটিছিল ঈশ্বৰ চাহুৰ পুত্ৰ ভুৱনেশ্বৰ চাহুৰ। সাম্প্ৰদায়িক সংঘৰ্ষত পুত্ৰক হেৰুৱাই বিধ্বস্ত হৈ পৰা ঈশ্বৰ চাহুক কিন্তু শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰ বা দলে কোনো ধৰণৰ সহানুভূতি প্ৰদৰ্শন নকৰিলে। বিজেপিয়ে তেওঁক বিধানসভা নিৰ্বাচনৰ টিকট দিলে আৰু নিশ্চিত কৰিলে পুত্ৰক হেৰুৱাই সৰ্বস্বান্ত হোৱা ঈশ্বৰ চাহুৱে যেন ন্যায় পায়। পৰিয়ালটোৰ অৱস্থাই সহানুভূতিৰ সৃষ্টি হোৱা ঢৌত উটি গ’ল ৭ বাৰৰ বিধায়ক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.