জম্মু-কাশ্মীৰ

বছৰৰ পহিলা দিনটোত এটা দুঃখবৰ, বৈষ্ণুদেৱী মন্দিৰত আশীষ ল’বলৈ যাওঁতেই মৃত্যু ১২জন ভক্তৰ

বছৰৰ প্ৰথম দিনটোত নেদেখাজনৰ আশীষ বিচাৰি মঠ-মন্দিৰত ভিৰ কৰিছে ভক্তগণে। কিন্তু ভগৱানৰ আশীষ লোৱাৰ সময়তেই এক অঘটন।

আৰম্ভ ২০২২ বৰ্ষ। আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। বছৰৰ প্ৰথম দিনটোত নেদেখাজনৰ আশীষ বিচাৰি মঠ-মন্দিৰত ভিৰ কৰিছে ভক্তগণে। কিন্তু ভগৱানৰ আশীষ লোৱাৰ সময়তেই এক অঘটন। জম্মু-কাশ্মীৰৰ বৈষ্ণুদেৱী মন্দিৰলৈ যোৱাৰ পথতেই মৃত্যুক সাবটিলে ১২ জন ভক্তই।শনিবাৰে পুৱা বৈষ্ণুদেৱী মন্দিৰত অগণন ভক্তৰ হেঁচা-থেলাত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক গুৰুতৰভাৱে আহত হয়। মৃত্যু হোৱা লোককেইজন দিল্লী, হাৰিয়ানা, পঞ্জাৱ, জম্মু-কাশ্মীৰৰ বুলি জানিব পৰা গৈছে।

আনহাতে, হাস্পতালত এতিয়াও মৃত্যুৰ সৈতে যুঁজি আছে আন বহুকেইজন ভক্তই। ত্ৰিকুটা পাহাৰৰ কাত্ৰা মন্দিৰৰ বাহিৰত ভক্তৰ মাজত হেঁচা-থেলাৰ ফলত সংঘটিত এই ঘটনা। কেইজনমান ভক্তৰ মাজত হোৱা বিবাদৰ পৰিণতিত আতংকৰ সৃষ্টি হয় সকলোৰে মাজত। যাৰবাবে হেঁচা-থেলাত ১২ জন লোকে মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে ১৪ জন লোক আহত হয়।

এই ঘটনাৰ পিছতেই গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.