আন্তঃৰাষ্ট্ৰীয়আমেৰিকাবিশ্ব

আমেৰিকাৰ চিকাগোৰ ইলিনয়চত গুলীচালনাৰ ঘটনা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনইচ চহৰৰ হাইলেণ্ড পাৰ্কত পেৰেডত অংশগ্ৰহণ কৰা লোকসকলৰ ওপৰত গুলীচালনা কৰে দুৰ্বৃত্তই

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনইচ চহৰৰ হাইলেণ্ড পাৰ্কত পেৰেডত অংশগ্ৰহণ কৰা লোকসকলৰ ওপৰত গুলীচালনা কৰে দুৰ্বৃত্তই। বৰ্তমানলৈকে, পাঁচজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। গুলীবিদ্ধ হৈ ১৬ জন লোক আহত।

৪ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰত স্বাধীনতা দিৱস পালন কৰা হয়। এই সময়ছোৱাতে ঠাইভেদে পেৰেড অনুষ্ঠিত কৰা হৈছিল। পেৰেডৰ সময়তে দুৰ্বৃত্তই এখন ছাদৰ পৰা গুলীচালনা কৰিছিল। দুৰ্বৃত্তই এখন দোকানৰ চালত উঠি তাৰ পৰা গুলীচালনা কৰিছিল। ঘটনাটোত কেইবাজনো লোক হতাহত হোৱাৰ খবৰ পোৱা গৈছে।

বৰ্তমান আমেৰিকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গুলীচালনা ঘটনাৰ লগত জড়িত এটা ২২ বছৰীয়া দুৰ্বৃত্তক। আক্ৰমণকাৰীজনে ইলিনইচৰ ডাউন টাউনৰ হাইলেণ্ড পাৰ্কত গুলীবৰ্ষণ কৰিছিল। গুলীচালনাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হয় পেৰেডত। আৰক্ষীয়ে তীব্ৰ অনুসন্ধান অভিযান অব্যাহত ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.