অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আমিনগাঁৱৰ এটি কিশোৰৰ সাহসিকতাৰ পৰিচয়! অপহৰণকাৰীৰ কৱলৰ পৰা কৌশলেৰে পলায়ন কিশোৰটি…

আমিনগাঁৱৰ এটি কিশোৰৰ সাহসিকতাৰ পৰিচয়

অপহৰণকাৰীৰ কৱলৰ পৰা কৌশলেৰে পলায়ন

শিহৰণকাৰী ঘটনাৰ বৰ্ণনা দিলে কিশোৰটিয়ে

আমিনগাঁৱৰ ৰে’লৱে বজাৰৰ পৰা হৈছিল অপহৃত

চোকা অস্ত্ৰৰে হত্যাৰ ‍‍ভাবুকি দিয়াৰ অভিযোগ

ঘটনাক কেন্দ্ৰ কৰি আমিনগাঁৱত তীব্ৰ চাঞ্চল্য

এটা অপহৰণ কাৰী দলে মাৰুতি ভেনেৰে আহি অতি কৌশলৰে অপহৰণ কৰিছিল কিশোৰ জনক । কিশোৰজনক মাৰুতি ভেনত তুলি নিমিষতে অন্তৰ্ধান হৈছিল অপহৰণকাৰী দলটো। গাড়ীৰ ভিতৰত মাৰপিট  কৰা হৈছিল কিশোৰজনক। কেৱল ইমানেই নহয় চিঞৰ বাখৰ কৰিলে হত্যাৰো ভাবুকি দিছিল অপহৰণকাৰীয়ে। অপহৰণকাৰীয়ে পিন্ধিছিল কলা কুৰ্তা আৰু বগা তুপি। গুৱাহাটী ৰে’ল ষ্টেচন পোৱাৰ পূৰ্বে ৰিজাৰ্ভ বেংকৰ ওচৰত গাড়ীখন ৰখোৱাত কৌশেলেৰে পলায়ন কৰিছিল কিশোৰটিয়ে। দৌৰি দৌৰি গৈ তহলদাৰী আৰক্ষীক অৱগত কৰিছিল সমগ্ৰ ঘটনা। পিছত আৰক্ষীৰ সহায়ত আমিনগাৱৰ পিতৃ মাতৃৰ ওচৰত উপস্থিত হয় কিশোৰটি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button