Covid-19অসম

কি সঁচা কি মিছা? সঁচায়ে অসমত ধৰা পৰিছে নেকি অ’মিক্ৰণত আক্ৰান্ত ৰোগী?

পিছে দেওবাৰৰ দিনটোত দেশত পুনৰ ৩ জন লোক নতুনকৈ আক্ৰান্ত অ'মিক্ৰণত। আক্ৰান্ত লোক কেইজন চণ্ডীগড়, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকৰ। তিনিওজন লোকেই আহিছিল বিদেশ ভ্ৰমণৰ পৰা। বৰ্তমানলৈকে ভাৰতত মুঠ ৩৬ জন লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণ। অসমত অ'মিক্ৰণৰ বিৰুদ্ধে যুঁজিবলৈ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে।

অসমত ধৰা পৰিছে অ’মিক্ৰণত আক্ৰান্ত এগৰাকী ৰোগী। চৌদি আৰৱৰ পৰা অহা এজন লোকৰ দেহত ধৰা পৰিছে অ’মিক্ৰণ। দেওবাৰে, এই খবৰে সমগ্ৰ অসমতে সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ।

তেজপুৰৰ এটা ভুৱা খবৰক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ। আচলতে অ’মিক্ৰণত আক্ৰান্ত হোৱা নাই অসমৰ লোকজন। ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰকে অ’মিক্ৰণত আক্ৰান্ত হোৱা বুলি ভুৱা খবৰ বিয়পিছিল সকলোতে। কিন্তু সাধাৰণ পৰীক্ষাগাৰত অ’মিক্ৰণৰ পৰীক্ষণ কোনোপধ্যেই সম্ভৱ নহয়।

পিছে দেওবাৰৰ দিনটোত দেশত পুনৰ ৩ জন লোক নতুনকৈ আক্ৰান্ত অ’মিক্ৰণত। আক্ৰান্ত লোক কেইজন চণ্ডীগড়, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকৰ। তিনিওজন লোকেই আহিছিল বিদেশ ভ্ৰমণৰ পৰা। বৰ্তমানলৈকে ভাৰতত মুঠ ৩৬ জন লোকৰ দেহত ধৰা পৰিছে অ’মিক্ৰণ। অসমত অ’মিক্ৰণৰ বিৰুদ্ধে যুঁজিবলৈ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 1 =

Back to top button