অপৰাধ

মণিপুৰত অঘটন, কাংপোকপি জিলাত নিৰীহৰ ওপৰত গুলীচালনা উগ্ৰপন্থীৰ…

ইয়াৰ পূৰ্বেও ৯ অক্টোবৰত অসম ৰাইফলছৰ নিৰাপত্তা বাহিনীয়ে কাংপোকপি জিলাত চলাইছিল এক যুটীয়া অভিযান। অঞ্চলটো ঘেৰাও কৰি নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত মণিপুৰৰ হিঙ্গোজাং গাঁৱত চাৰিজন বিদ্ৰোহীক নিষ্ক্ৰিয় কৰা হৈছিল

উত্তপ্ত মণিপুৰ। মঙলবাৰে মণিপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মণিপুৰৰ কাংপোকপি জিলাৰ বি গামনম গাঁৱত সৰ্বসাধাৰণৰ ওপৰত গুলীবৰ্ষণ কৰে উগ্ৰপন্থীয়ে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে সুৰক্ষা বাহিনীয়ে হত্যা কৰা দুজন উগ্ৰপন্থীৰ শেষকৃত্যৰ সময়ত গাঁওখনত উপস্থিত থকা লোকৰ ওপৰত অতৰ্কিতে গুলী চালনা কৰে উগ্ৰপন্থীৰ দলটোৱে। উগ্ৰপন্থীৰ দলটো কুকি উগ্ৰপন্থী বুলি সন্দেহ কৰা হৈছে। গুলীচালনাত মৃত্যুক সাৱটি লয় পাঁচজন লোকে।

গুলীচালনাৰ পিছতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় বি গামনম গাঁৱত। গাঁও এৰি সকলোৱে পলায়ন কৰে ওচৰৰ গাঁৱলৈ।

ঘটনাৰ পৰৱৰ্তী সময়ত ইম্ফল পূব আৰক্ষীৰ কমাণ্ডো দল, বিশেষ কমাণ্ডো, থৌবাল আৰক্ষী কমাণ্ডো আৰু আইজিপি জোন-৩ লুনচেইহ কিপগেন, উপ মহাপৰিদৰ্শক (ডিআইজি) থেমথিং, আৰক্ষী অধীক্ষক (এছপি) ইম্ফল ইষ্ট এন হেৰোজিতৰ যুটীয়া বাহিনী বি গামনম গাঁৱত উপস্থিত হৈ এক অভিযান চলায়।

ইয়াৰ পূৰ্বেও ৯ অক্টোবৰত অসম ৰাইফলছৰ নিৰাপত্তা বাহিনীয়ে কাংপোকপি জিলাত চলাইছিল এক যুটীয়া অভিযান। অঞ্চলটো ঘেৰাও কৰি নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত মণিপুৰৰ হিঙ্গোজাং গাঁৱত চাৰিজন বিদ্ৰোহীক হত্যা কৰা হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.