আন্তঃৰাষ্ট্ৰীয়খেল
Trending

১৩ বছৰ বয়সত স্বৰ্ণজয়েৰে অলিম্পিকত ইতিহাস ৰচিলে মোমিজীয়ে

মাত্ৰ ১৩ বছৰ ৩৩০ দিনতে অলিম্পিকত স্বৰ্ণ জয় কৰি ইতিহাস ৰচিলে জাপানী কন্যাগৰাকীয়ে

টকিঅ’ অলিম্পিকত স্বৰ্ণ জয় কৰিলে জাপানৰ এজনী নিচেই কম বয়সীয়া কিশোৰীয়ে। স্কেটিঙৰ ব্যক্তিগত শাখাত স্বৰ্ণজয়েৰে ইতিহাস ৰচিলে জাপানৰ খেলুৱৈ মোমিজী নিছায়াই। মোমিজী নিছায়াৰ মুখত জয়ৰ হাঁহি।

মাত্ৰ ১৩ বছৰ ৩৩০ দিনতে অলিম্পিকত স্বৰ্ণ জয় কৰি ইতিহাস ৰচিলে জাপানী কন্যাগৰাকীয়ে। ইয়াৰ লগতে তেওঁ অলিম্পিকত স্কেটিঙত প্ৰথম স্বৰ্ণ জয় কৰা ক্ৰীড়াবিদ ৰূপেও ইতিহাস ৰচে। অন্যহাতে, এই শাখাত দ্বিতীয় স্থান দখলেৰে ৰূপৰ পদক জয় কৰিছে ব্ৰাজিলৰ এগৰাকী কিশোৰীয়ে। ১৩ বছৰ ২০৩ দিনীয়া ব্ৰাজিলৰ ৰায়ছা লিয়নে দ্বিতীয় স্থান দখল কৰিছে।

মন কৰিবলগীয়া যে, অলিম্পিকত প্ৰথমবাৰৰ বাবে সংযোজন কৰা হৈছে স্কেটিং।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.