Socialজীৱনশৈলীদৈনিক বাতৰিপৰিৱেশভ্ৰমণ

এদিনতে ৬৫ কি.মি. চাইকেল চলাই লাইমলাইটত অসমৰ জোঁৱাই মিলিন্দ সোমন আৰু অংকিতা কোঁৱৰ

বাৰামুল্লাৰ পৰা উড়িলৈকে চাইকেল চলাই দৃষ্টি আকৰ্ষণ কৰিছে মিলিন্দ আৰু অংকিতাই

মনে বিচাৰিলে সকলো কামেই সহজ। প্ৰৱল ইচ্ছাশক্তি থাকিলে যিকোনো মানুহেই যে ভাল লগা সকলো কাম কৰিব পাৰে, তাকেই প্ৰমাণ কৰি দেখুৱালে ইন্টাৰনেটৰ প্ৰিয় ফিটনেচ এনথোচিয়াষ্টচ আৰু আই টি দম্পতী মিলিন্দ সোমন আৰু অংকিতা কোঁৱৰে।

৫৫ বছৰীয়া মিলিন্দ সোমন আৰু ৩০ বছৰীয়া অংকিতা কোঁৱৰে অনুৰাগীৰ সন্মুখত পুনৰ দেখুৱালে প্ৰৱল ইচ্ছাশক্তিৰ এক অনন্য নিদৰ্শন।

পূৰ্বেও বিভিন্ন উৎসাহপূৰ্ণ কামৰ জৰিয়তে সংবাদ শিৰোনাম দখল কৰা এই দম্পতীয়ে এইবাৰ এদিনতে ৬৫ কিমি দূৰত্ব চাইকেল চলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

বাৰামুল্লাৰ পৰা উড়িলৈকে চাইকেল চলাই দৃষ্টি আকৰ্ষণ কৰিছে মিলিন্দ আৰু অংকিতাই। মিলিন্দে পত্নী অংকিতাৰ লগত আন কেইজনমান চাইক্লিষ্টৰ সৈতে চাইকেল চলাই উড়িলৈ যোৱা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

উল্লেখযোগ্য যে, ১২ ছেপ্টেম্বৰ, দেওবাৰে চাইকেলেৰে বাৰামুল্লাৰ পৰা উড়িলৈ যাত্ৰা কৰিছিল দম্পতীহালে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 5 =

Back to top button