জীৱনশৈলীমনোৰঞ্জন

মানুহৰ কি যে চখ! নিজৰ চখ পূৰাবলৈ এয়া কি কৰিলে এইজন ৰেপাৰে?

ডেন চুৰ নামৰ ৰেপাৰজনে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত আপলোড কৰা কেইখনমান ফটোৱে খলকনি তুলিছে

ৰেপাৰসকলক বিশ্বজুৰি তেওঁলোকৰ অভিনৱ সংগীত পৰিৱেশনৰ বাবে জনা যায়। কেৱল সংগীতেই নহয়, ৰেপাৰসকলৰ লাইফষ্টাইলো অনুসৰণ কৰে বহুতেই। এই লাইফষ্টাইলৰ ভিতৰত অন্যতম তেওঁলোকৰ মেক অভাৰ।

নিজৰ অদ্ভুত জীৱনশৈলীৰ বাবে চৰ্চালৈ আহিছে এজন মেক্সিকান ৰেপাৰ। ডেন চুৰ নামৰ এই ৰেপাৰজনে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত আপলোড কৰা কেইখনমান ফটোৱে খলকনি তুলিছে।

https://twitter.com/SaycheeseDGTL/status/1436366788791619626

মূৰৰ পৰা চুলিৰ সলনি মুখমণ্ডলৈকে সোণৰ চেইন ওলমি থকা ফটোখন দেখি আমোদ পাইছে সকলোৱে।

আচলতে, ২৩ বছৰীয়া মেক্সিকোৰ ৰেপাৰগৰাকীয়ে এক চাৰ্জাৰীৰ জৰিয়তে নিজৰ চুলিৰ সলনি লগাই লৈছে সোণৰ চেইন। ডেন চুৰে নিজৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে ইনষ্টাগ্ৰাম আৰু টিকটক পেজত। লগতে তেখেতৰ এই ষ্টাইল নকল নকৰিবলৈও কয় ৰেপাৰজনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button