আঞ্চলিকমেঘালয়

মেঘালয়ৰ ৰাজপথত দপদপকৈ জ্বলিছে বাহন, জীৱন্তে অগ্নিদগ্ধ মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ…

লিংদৌ আছিল মেঘালয়ৰ তুৰাৰ কমিউনিটি চায়েন্স কলেজৰ Basic Science and Humanitiesৰ সহকাৰী অধ্যাপক

এটা মৰ্মান্তিক দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হ’ল মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ই. কে. লিংদৌৰ কণিষ্ঠ পুত্ৰ। শনিবাৰে তুৰাৰ পৰা শ্বিলঙলৈ গৈ থকাৰ সময়তে জ্বলি যায় ৩৭ বছৰীয়া সহকাৰী অধ্যাপক ফাৰ্দিনাণ্ড বি লিংদৌৰ গাড়ীখন।

শনিবাৰে মেঘালয়ৰ ৰিভয় জিলাত সংঘটিত হয় এই ঘটনা। নিজৰ বলেৰ’ বাহনেৰে শ্বিলং অভিমুখে গৈ আছিল অধ্যাপকগৰাকী। শ্বৰ্ট চাৰ্কিটৰ ফলত অথবা ইন্ধনৰ পাইপ লিক হোৱাৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, লিংদৌ আছিল মেঘালয়ৰ তুৰাৰ কমিউনিটি চায়েন্স কলেজৰ Basic Science and Humanitiesৰ সহকাৰী অধ্যাপক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 15 =

Back to top button