leatest updateঅসমআঞ্চলিকদৈনিক বাতৰি

এতিয়াও শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি।

তেনে সময়তে আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এখন সৰ্বদলীয় বৈঠক।

অশান্তজৰ্জৰ মণিপুৰৰ পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই। গোষ্ঠী সংঘাতৰ ফলত ইতিমধ্যে ৰাজ্যখনত প্ৰাণ হেৰুৱাইছে নিৰাপত্তা বাহিনীসহ শতাধিক সাধাৰণ জনতাই। এই ৰক্তক্ষয়ী সংঘাতৰ ৫০ দিন উকলি যোৱাৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে সকলো। তেনে সময়তে আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এখন সৰ্বদলীয় বৈঠক।

বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো অংশগ্ৰহণ কৰে। বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান বিদেশ ভ্ৰমণত আছে যদিও মণিপুৰৰ পৰিস্থিতিৰ খবৰ প্ৰতিমুহূৰ্ততে লৈ আছে। কংগ্ৰেছকে আদি কৰি ৩০টা বিৰোধী দলৰ নেতৃত্ব উপস্থিত থাকে এই বৈঠকত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 16 =

Back to top button