অপৰাধঅসম

পুনৰ চাংসাৰিৰ ৰাজপথত এগৰাকী যুৱতীক চুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰিলে প্ৰেমিকে

ৰাজ্যত ইটোৰ পিছত সিটো  আক্ৰমণৰ ঘটনা

ৰাজ্যত ইটোৰ পিছত সিটো  আক্ৰমণৰ ঘটনা।

নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নাযাওতেই পুনৰ চাংসাৰিৰ ৰাজপথত এগৰাকী যুৱতীক চুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰিলে প্ৰেমিকে।

ইমৰাণ হুছেইন নামৰ এজন যুৱকে প্ৰলোভনেৰে চাংসাৰিৰ এখন কচাইৰ দোকনৰ ওচৰতে মাতি আনিছিল প্ৰেমিকাক। আৰু তাৰ পাছতে ইমৰাণে পেটত সোমাই দিছিল চুৰী।

চাংসাৰি থানাৰ সন্মুখতে সংঘটিত হ’ল এই বৰ্বৰ আক্ৰমণৰ ঘটনা। ঘটনা সংঘটিত কৰিয়ে ইমৰাণে আত্মসমৰ্পণ কৰে চাংসাৰি থানাত।

যুৱতিগৰাকীক তোলাৰাম বাফনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত GMCHলৈ প্ৰেৰণ কৰা হয়।

সম্প্ৰতি জীৱন মৃত্যুৰ সৈতে যুজিছে যুৱতীগৰাকী। চাংসাৰি আৰক্ষীয়ে ইতিমধ্যে ঘটনাক লৈ আৰম্ভ কৰিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.