দুৰ্ঘটনা

দুই কণমানিসহ থিতাতে নিহত তিনিজন! কেনেদৰে সংঘটিত হ’ল এই ভয়ংকৰ পথ দূৰ্ঘটনা!

তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে দুই কণমানিসহ শিক্ষয়িত্ৰীক

বাক্সাৰ দাওধাৰাত ভয়ংকৰ পথ দূৰ্ঘটনা।

তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে দুই কণমানিসহ শিক্ষয়িত্ৰীক। থিতাতে নিহত তিনিজন।
বাক্সা জিলাৰ শিমলা আৰক্ষীথানাৰ অন্তৰ্গত দাওধাৰাত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা৷ দুই কনমানি ছাত্ৰীসহ ঘটনাস্থলীতে মৃত্যু হয় শিক্ষয়িত্ৰীৰ৷

মৃত্যু হোৱা ছাত্ৰী দুগৰাকী ক্ৰমে কৃষ্টিনা দৈমাৰী ( ৯) আৰু ভাৰলিনা ব্ৰহ্ম ( ৯ )৷ আনহাতে মৃত শিক্ষয়িত্ৰীগৰাকীৰ নাম ৰিজিনা কুজুৰ ( ২৫ ) বুলি জানিব পৰা গৈছে৷ দূৰ্ঘটনাত মৃত্যুক আকোৱালী লোৱা আটাইকেইজন স্থানীয় দাওধাৰা হিমালয় পাব্লিক স্কুলৰ৷ কনমানি দুজনী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী৷

মঙলবাৰে বিদ্যালয়ত শিক্ষয়িত্ৰীগৰাকীয়ে টিউচন কৰি এখন স্কুট্টিৰে দাওধাৰাৰ নিজ ঘৰলৈ আহি থাকোতে ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী ট্ৰাকে স্কুট্টিখন মহতিয়াই নিয়ে৷

দূৰ্ঘটনা সংঘটিত কৰিয়ে NL 01, AC 3094 নম্বৰৰ ট্ৰাকখনে শিমলা থানাত আত্মসমৰ্পন কৰে৷ ড্ৰাইভাৰজনৰ নাম খালেক আলি বুলি জনা যায়৷

ইফালে দূৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উত্তেজিত ৰাইজে শিমলা থানা চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ট্ৰাকখনত আক্ৰমন কৰাৰ লগতে ৰাইজে অগ্নিসংযোগ কৰে যদিও শিমলাথানাৰ আৰক্ষীয়ে জুইনিৰ্বাপিত কৰিবলৈ সক্ষম হয়৷ আনহাতে উত্তেজিত ৰাইজে অগ্নিনিৰ্বাপক বাহিনীলৈও শিলাবৰ্ষণ কৰে৷ইয়াৰ পিছতে স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথটো বহু সময় ধৰি অৱৰোধ কৰি ন্যায়ৰ দাবী জনায়৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.