ভাৰত

মুকলি হ’ল ৩৪১ কিমি.ৰ এক্সপ্ৰেছৱে’, প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’

উল্লেখ্য যে, ২২,৫০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে এই এক্সপ্ৰেছৱে'

মুকলি হ’ল পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’। মঙলবাৰে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশত মুকলি কৰিলে পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’।

ভাৰতীয় বায়ু সেনাৰ C-130J Super Hercules বিমানেৰে পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ত অৱতৰণ কৰে প্ৰধানমন্ত্ৰীয়ে।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আদৰণি জনোৱাৰ পিছতেই ৩৪১ কিমি.ৰ এক্সপ্ৰেছৱে’ৰ উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য যে, ২২,৫০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে এই এক্সপ্ৰেছৱে’।

এই নতুন এক্সপ্ৰেছ ৱে’ই উত্তৰ প্ৰদেশৰ ৯ খন জিলাৰ লগতে লক্ষ্ণৌ, আমেথী আৰু গাজীপুৰক সংযোগ কৰিব। আনহাতে, এই এক্সপ্ৰেছৱে’ই বাৰানসী, অযোধ্যা, গোৰখপুৰ আৰু এলাহাবাদৰ মাজেদি যাব।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.