শ্ৰেণীবিহীন

আৰম্ভ হৈছে নেকি হেৰা ফেৰী ৩-ৰ দৃশ্য়গ্ৰহণ? অনুৰাগীয়ে এইদৰে কৰিলে প্ৰতিক্ৰিয়া

বলিউড তাৰকা অক্ষয় কুমাৰ, সুনীল শ্বেট্টী আৰু পৰেশ ৰাৱালৰ এখন ফটোৱে সামাজিক মাধ্যমত অনুৰাগীৰ মাজত তোলপাৰ লগাইছে।

বলিউড তাৰকা অক্ষয় কুমাৰ, সুনীল শ্বেট্টী আৰু পৰেশ ৰাৱালৰ এখন ফটোৱে সামাজিক মাধ্যমত অনুৰাগীৰ মাজত তোলপাৰ লগাইছে। আহিব নেকি Hera Pheri 3? খবৰ অনুসৰি, কিছুদিন পূৰ্বে অভিনেতা অক্ষয় আৰু তেওঁৰ সহ অভিনেতা সুনীল শ্বেট্টী আৰু পৰেশ ৰাৱালে একেলগে আহি ছবিখনৰ প্ৰমো শ্বুটিং কৰিছিল। সামাজিক মাধ্যমত যথেষ্ট চৰ্চিত হৈ থকা ছবিখনত অক্ষয় কুমাৰ, সুনীল শ্বেট্টী আৰু পৰেশ ৰাৱালক তেওঁলোকৰ জনপ্ৰিয় চৰিত্ৰ ক্ৰমে ৰাজু, শ্যাম আৰু বাবুৰাওৰ ৰূপত দেখা গৈছে।

সামাজিক মাধ্যমত তোলপাৰ লগাই থকা ছবিখন চাওকঃ

ইণ্টাৰনেটত ত্ৰিমূৰ্তিৰ ছবি ভাইৰেল হোৱাৰ কিছু সময়ৰ পিছতে হেৰা ফেৰী ৩ৰ অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীসকলে শ্বুটিং আৰম্ভ কৰা বুলি এক বাতৰি প্ৰকাশ পাইছিল। অৱশ্যে বলীউড হাংগামাক এক সূত্ৰই জনোৱা মতে, এইখন হেৰা ফেৰী ৩ৰ প্ৰচাৰমূলক অৰ্থাৎ প্ৰ’মো ভিডিঅ’ৰ নেপথ্যৰ ছবি।

এক সূত্ৰৰ উদ্ধৃতি দি বলীউড হাংগামাই প্ৰকাশ কৰিছে যে, “এইটো কেনেকৈ সম্ভৱ? কেনেকৈ হঠাতে তিনিজন ব্যস্ত তাৰকাই নতুন প্ৰজেক্টৰ শ্বুটিং আৰম্ভ কৰিব? হেৰা ফেৰীৰ বাবে শ্বুটিং কেনেকৈ কৰিব যিহেতু তেওঁলোকৰ হাতত এতিয়াও চিত্ৰনাট্যই নাই? তেওঁলোকৰ কোনো চিত্ৰনাট্য নাই আৰু কোনো অভিনেত্ৰী নাই। এইটো সঁচা যে অক্ষয়ে ছবিখনত জড়িত হ’বলৈ সন্মত হৈছে। তিনিওজন অভিনেতাই মঙলবাৰে এটা প্ৰচাৰমূলক ভিডিঅ’হে শ্বুট কৰিছে যিটো অহা সপ্তাহত মুক্তি পাব।”

ছবিখনৰ প্ৰকৃত চিত্ৰগ্ৰহণৰ পৰিকল্পনা প্ৰকাশ কৰি সূত্ৰটোৱে লগতে কয়, “এতিয়ালৈকে প্ৰকৃত ছবিখনৰ শ্বুটিঙৰ কোনো তাৎক্ষণিক পৰিকল্পনা কৰা হোৱা নাই। ছবিখনৰ প্ৰতি আগ্ৰহ সৃষ্টিৰ বাবে প্ৰমোৰ শ্বুটিং খৰখেদাকৈ কৰা হৈছিল। বৰ্তমান ইয়াৰ বাহিৰে একো নাই।”

ইয়াৰ পূৰ্বে হেৰা ফেৰী ৩-ত অক্ষয় কুমাৰৰ চৰিত্ৰটো এইবাৰ কাৰ্তিক আৰ্য়ানে ৰূপায়ণ কৰিব বুলি এক বাতৰি প্ৰকাশিত হৈছিল। এই সন্দৰ্ভত বলীউড হাংগামাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সুনীল শ্বেট্টীয়ে স্পষ্ট কৰি দিয়ে যে, “অক্ষয়ৰ সলনি কাৰ্তিকক লোৱা বুলি যি গুজৱ চলি আছে, তেনে নহয়। চাওক, অক্ষয়ক সলনি কৰিব নোৱাৰি। নিৰ্মাতাসকলে কাৰ্তিকৰ সৈতে সম্পূৰ্ণ বেলেগ চৰিত্ৰৰ বাবে আলোচনাত মিলিত হৈছে। গতিকে, ইয়াৰ কোনো যুক্তিযুক্ততা নাই।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.