leatest updatenationalSocial

‘পাক অধিকৃত কাশ্মীৰ ভাৰতৰ হয়, গতিকে তাতো আমি আসন সংৰক্ষণ কৰি ৰাখিছো’

লোকসভাত গৃহীত হ’ল জম্মু আৰু কাশ্মীৰ পুনৰগঠন (সংশোধনী) বিধেয়ক-২০২৩ আৰু জম্মু আৰু কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক-২০২৩।

লোকসভাত গৃহীত হ’ল জম্মু আৰু কাশ্মীৰ পুনৰগঠন (সংশোধনী) বিধেয়ক-২০২৩ আৰু জম্মু আৰু কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক-২০২৩। বুধবাৰে মৌখিক ভোটত এই গুৰুত্বপূৰ্ণ বিধেয়ক দুখন গৃহীত হয়। বিধেয়ক দুখনৰ সন্দৰ্ভত হোৱা আলোচনাত ভাগ লৈ গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কাৰ্যকালৰ পৰা জম্মু কাশ্মীৰক লৈ গ্ৰহণ কৰা ভুল সিদ্ধান্তৰ বিষয়ে বিস্তৃত তথ্য দাঙি ধৰে।

জম্মু কাশ্মীৰক লৈ নেহৰুৰ সময়তে সাংঘাটিক ভুল হ’ল যাৰ কাৰণে আজি ৰাজ্যখন বৰ্তমানৰ পৰিস্থিতিলৈ পৰ্যবসিত হ’ল। দুয়োখন নতুন বিধেয়ক অনুসৰি জম্মু কাশ্মীৰৰ সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ কৰা হৈছে । সেই অনুসৰি জম্মুত এতিয়া ৪৩টা সমষ্টি থাকিব। পূৰ্বতে আছিল ৩৭টা সমষ্টি। আনহাতে, কাশ্মীৰত থাকিব ৪৭টা সমষ্টি।

পূৰ্বতে আছিল ৪৬টা সমষ্টি। তাৎপৰ্যপূৰ্ণ দিশটো হ’ল পাক অধিকৃত কাশ্মীৰৰ বাবে ২৪টা সমষ্টি নিৰ্ধাৰণ কৰা হৈছে নতুন বিধেয়কত। গৃহমন্ত্ৰী অমিত শ্বাহৰ স্পষ্ট কথা– পাক অধিকৃত কাশ্মীৰ ভাৰতৰ হয়, গতিকে তাতো আমি আসন সংৰক্ষণ কৰি ৰাখিছো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.