ভাৰত

বিহাৰত সুৰাৰ নিষিদ্ধকৰণ

সুৰা মজুতকাৰীৰ বিৰুদ্ধে কঠোৰ নিতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰ

বিহাৰত সুৰাৰ নিষিদ্ধকৰণ কাৰ্যকৰী কৰাৰ চেষ্টা। সুৰাৰ নিষিদ্ধকৰণৰ উদ্দেশ্যে সুৰা মজুতকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে নিতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰে। শেহতীয়াকৈ, সুৰাৰ ৰপ্তানি, উৎপাদন, বিক্ৰী বা আমদানি বন্ধ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে বিহাৰ চৰকাৰে। তদুপৰি, কোনো লোকে নিজ গৃহত সুৰা মজুত, সুৰা সেৱন, সুৰাৰ উৎপাদন কৰিব নোৱাৰিব বুলিও ঘোষণা কৰিছে ৰাজ্যখনৰ চৰকাৰে।

বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত Bihar Prohibition and Excise Act, 2016ৰ সংশোধনী আইন গৃহীত কৰা হয়।

অৱশ্যে, নীতিশ কুমাৰ চৰকাৰে সেনা নিৱাস অঞ্চলৰ ভিতৰত সামৰিক কৰ্মী আৰু বিষয়াসকলৰ বাবেহে সুৰা বিক্ৰী আৰু ব্যৱহাৰত অনুমোদন জনাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.