অপৰাধজীৱনশৈলীভাৰত

মদ্যপান কৰাসকল ভাৰতীয় নহয়, বৰঞ্চ মহাপাপী- বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰাৰ পাছতো সুৰাপাণে ভয়াবহ ৰূপ লৈছে বিহাৰত। বিহাৰত সুৰা সেৱন কৰি বিষক্ৰিয়া হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে।

সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰাৰ পাছতো সুৰাপাণে ভয়াবহ ৰূপ লৈছে বিহাৰত। বিহাৰত সুৰা সেৱন কৰি বিষক্ৰিয়া হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে।

এই সন্দৰ্ভত বুধবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয়, – ”মদ্যপান কৰা সকল মহাপাপী। বিষপান কৰা বুলি গম পায়ো মদ্যপান কৰি মৃত্যুবৰণ কৰাসকলক ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰ দায়বদ্ধ নহয়। মহাত্মা গান্ধীয়ে মদ্যপানৰ তীব্র বিৰোধিতা কৰিছিল। যিসকলে গান্ধীৰ এই নীতি মানি নচলে তেওঁলোক মহাপাপী আৰু মহা অযোগ্য। মই তেওঁলোকক ভাৰতীয় বুলিয়েই গণ্য নকৰো। মদ্যপান কৰা হানিকাৰক বুলি জানিও যদি কোনোবাই সেই কাম কৰে তেন্তে ইয়াৰ পৰিণতিৰ কাৰণে নিজে দায়ী।“

উল্লেখযোগ্য যে, ৰাজ্যখনত নিষিদ্ধ সুৰা সেৱন কৰি মৃত্যু হোৱাৰ লোকৰ সংখ্যা বৃদ্ধি হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল বিৰোধীয়ে। নতুনকৈ উত্থাপন হোৱা Bihar Prohibition and Excise Amendment Bill 2022 গৃহীত হ’লে প্ৰথমবাৰ মদ্যপান কৰা অভিযুক্তই দণ্ডাধীশৰ পৰা জৰিমনাৰ বিনিময়ত জামিন লাভ কৰিব পাৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.