Covid-19ভাৰত

দেশত ভয়াবহ ৰূপত বৃদ্ধি হৈছে অমিক্ৰনৰ সংক্ৰমণ! সংক্ৰমিত লোকৰ সংখ্যা ৫৭৮ লৈ বৃদ্ধি

দেশৰ ১৬খনতকৈয়ো অধিক ৰাজ্যত বৰ্তমানলৈকে ধৰা পৰিছে অমিক্ৰনৰ সংক্ৰমণ।

দেশজুৰি মাৰাত্মক অমিক্ৰনৰ দ্ৰুত সংক্ৰমণে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বতে। প্ৰতিদিনে বৰ্ধিত সংক্ৰমণৰ হাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও ক’ভিড সম্পৰ্কীয় নীতি–নিৰ্দেশনা কঠোৰ কৰি তুলিছে। দেশৰ ১৬খনতকৈয়ো অধিক ৰাজ্যত বৰ্তমানলৈকে ধৰা পৰিছে অমিক্ৰনৰ সংক্ৰমণ।

শেহতীয়া তথ্য অনুসৰি দেশত অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা ৫৭৮ লৈ বৃদ্ধি পাইছে। অমিক্ৰন সংক্ৰমণৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে মহাৰাষ্ট্ৰ। ৰাজ্যখনত বৰ্তমানলৈকে আক্ৰান্ত লোকৰ সংখ্যা ১৪১জন। ইয়াৰ উপৰি ৰাজধানী দিল্লীৰ লগতে কৰ্ণাটক, উত্তৰ প্ৰদেশ, হাৰিয়ানা, মধ্যপ্ৰদেশ, গুজৰাটতো প্ৰতিদিনে অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.