অপৰাধদিল্লী

দিল্লী বিমানবন্দৰত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত অভিযানঃ উগাণ্ডাৰ মহিলাৰ বেগত উদ্ধাৰ ৯০ কোটি টকাৰ ড্ৰাগছ

আৰক্ষী আয়ুক্ত জুবেইৰ ৰিয়াজৰ মন্তব্য অনুসৰি, উগাণ্ডাৰ পৰা অহা মহিলা যাত্ৰীগৰাকীয়ে বিমানবন্দৰৰ প্ৰস্থানত ৰৈ থকা এজন লোকক হেৰ'ইনখিনি দিয়াৰ কথা আছিল। 

দিল্লীত গ্ৰেপ্তাৰ উগাণ্ডাৰ মহিলা। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শনিবাৰে নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন সৰবৰাহকাৰী দুগৰাকী মহিলাক।

ড্ৰাগছৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে এইবাৰ আৰক্ষীৰ জালত পৰিছে দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী। নাইৰোবিৰ পৰা অহা উগাণ্ডাৰ দুগৰাকী মহিলাৰ বেগত পোৱা গৈছে ১২.৯ কেজিৰ হেৰ’ইন। এই হেৰ’ইনৰ মূল্য প্ৰায় ৯০ কোটি টকা।

এই ড্ৰাগছ বিতৰণ কৰাৰ বাবদ কেনিয়াৰ নাগৰিকে উগাণ্ডাৰ মহিলা দুগৰাকীক টকা দিয়াৰ আশ্বাস দিয়াৰ কথাও উল্লেখ কৰে এগৰাকী মহিলাই। পূৰ্বে হোৱা চুক্তিমতে উগাণ্ডাৰ মহিলাগৰাকীয়ে কম্পালাৰ পৰা নাইৰোবিলৈ অহাৰ পিছত নাইৰোবিতেই এগৰাকী কেনিয়াৰ মহিলাই উগাণ্ডাৰ মহিলাগৰাকীক দিয়ে ড্ৰাগছৰ টোপোলা। আনকি ড্ৰাগছৰ লগতে মহিলাগৰাকীক ভুৱা চিকিৎসক পৰ্যটকৰ কাগজ-পত্ৰও দি পঠিয়াইছিল কেনিয়াৰ মহিলাগৰাকীয়ে।

আৰক্ষী আয়ুক্ত জুবেইৰ ৰিয়াজৰ মন্তব্য অনুসৰি, উগাণ্ডাৰ পৰা অহা মহিলা যাত্ৰীগৰাকীয়ে বিমানবন্দৰৰ প্ৰস্থানত ৰৈ থকা এজন লোকক হেৰ’ইনখিনি দিয়াৰ কথা আছিল।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও উগাণ্ডাৰ পৰা অহা দুগৰাকী ভাৰতীয় নাগৰিকক বিগত বৰ্ষৰ ২৩ এপ্ৰিলত দিল্লী বিমানবন্দৰত কৰায়ত্ত কৰিছিল নিৰাপত্তাৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.