ৰাজনৈতিক

তালিবানত যোগদান কৰিবলে বাংলাদেশৰ নাগৰিকে টাপলি মেলিছে আফগানিস্তানলৈ?

চাঞ্চল্যকৰ তথ্য

এক চাঞ্চল্যকৰ তথ্য। বাংলাদেশৰ কেইবাজনো নাগৰিকে তালিবানত যোগদান কৰিবলে টাপলি মেলিছে আফগানিস্তানলৈ। তেওঁলোকৰ লক্ষ্য, ইছলামৰ নামত এটা ‘খিলাফত’ সৃষ্টি কৰা।

উত্তৰত ঢাকা মেট্ৰ’পলিটান পুলিচৰ  আয়ুক্ত ছফিকুল ইছলামে কয়  যে, অৱশ্যে আফগানিস্তানৰ পৰা আনুষ্ঠানিকভাৱে কোৱা হোৱা নাই যে কিমান সংখ্যক বাংলাদেশীয়ে তেওঁলোকৰ দেশৰ পৰা পলাই গৈছে কিন্তু তালিবান যোগদান কৰিবলৈ আফগানিস্তানলৈ যোৱাসকল আফগানিস্তানৰ পৰা বাংলাদেশত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ব আৰু আইনৰ অধীনলৈ অনা হ’ব।

উল্লেখ্য যে মাত্ৰ ডেৰ মাহত আফগানিস্তানত আমূল পৰিৱৰ্তন আহিছে। তালিবানে আফগানিস্তান দখল কৰাৰ পিছত নতুন নাম ‘ইছলামিক এমিৰেত অফ আফগানিস্তান’ হৈ পৰিছে। উগ্ৰপন্থী দলটোৱে শীঘ্ৰেই এই নতুন চৰকাৰ গঠনৰ কথা ঘোষণা কৰিবলৈ গৈ আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.