শ্ৰেণীবিহীন

কোলাত কেঁচুৱা লৈ শৰাইঘাট দলঙৰ পৰা আত্মহত্যাৰ চেষ্টা মহিলাৰ

পাৰিবাৰিক কন্দলৰ বাবে এনে সিদ্ধান্ত

কোলাত কেঁচুৱা লৈ আত্মহত্যাৰ চেষ্টা মহিলাৰ।

কোলাত কেচুৱা লৈ আমিনগাঁও শৰাইঘাট দলঙৰ পৰা আত্মহত্যাৰ চেষ্টা কৰে এগৰাকী মহিলাই।

পাৰিবাৰিক কন্দলৰ বাবে এনে সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে বান্না দেৱী নামৰ মহিলাগৰাকীয়ে। স্বামীসহ পৰিয়ালৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি কেচুৱাসহ দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰিব বিচাৰিছিল কেচুৱাসহ মহিলাগৰাকীয়ে। বান্না দেৱীৰ ঘৰ আমিনগাঁও পানীপাৰাত বুলি জানিব পৰা গৈছে।

আমিনগাঁও আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় মহিলাগৰাকীক। আত্মহত্যা কৰিব বিচৰা বান্না দেৱীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে ধৃত স্বামী সনু ৰায়ক সোধপোচৰ বাবে আটক কৰিছে আমিনগাঁও আৰক্ষীয়ে।

স্বামী, শহুৰ-শাহুৱেক সকলোৱে মিলি শাৰীৰিক, মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ মহিলাগৰাকীৰ।

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.