Covid-19অৰ্থনৈতিকঅসম

১ ছেপ্তেম্বৰৰ পৰা ৫০ শতাংশ ভাৰা বৃদ্ধিৰে বাছ সেৱা আৰম্ভ কৰা হ’ব ৰাজ্যত!

তেজপুৰত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ এই সিদ্ধান্ত

দেওবাৰে তেজপুৰত সদৌ অসম মটৰ পৰিবহণ সন্থাই ঘোষণা কৰা এক সিদ্ধান্ত অনুসৰি ১ ছেপ্তেম্বৰৰ পৰা ৫০ শতাংশ ভাৰা বৃদ্ধিৰে বাছ সেৱা আৰম্ভ কৰা হ’ব ৰাজ্যত৷

উল্লেখ্য যে, দেওবাৰে তেজপুৰত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ এক বিশেষ সভাত লকডাউনত ব্যাহত হোৱা বাছ সেৱা আৰু ডিজেলকে ধৰি অন্যান্য সামগ্রীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ পৰিপ্রেক্ষিতত ব্যাপক লোকচানৰ সন্মুখীন হোৱা সন্দর্ভত বিশদভাৱে আলোচনা কৰা হয়৷

সভাত বাছ মালিকসকলে কয় যে, ২০১৯ৰ ১৮ অক্টোবৰত ৰাজ্যখনৰ বাছসমূহৰ বাবে ধার্য কৰা ভাৰাৰে এতিয়া বাছ চলোৱা সম্ভৱ নহয়৷ কিয়নো তেতিয়া ডিজেলৰ লিটাৰেপতি আছিল ৬৮ টকা আৰু এতিয়া প্রায় ৯০ টকা৷ ইয়াৰ উপৰি টায়াৰকে ধৰি অন্যান্য বাহন সামগ্রীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি হ’ল৷ ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে বাছসেৱা বন্ধ হৈ থকাৰ বাবে অভাৱনীয় লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এনে ক্ষেত্ৰত বাছৰ ভাৰা বৃদ্ধি নকৰিলে বাছ সেৱা সম্ভৱপৰ নহ’ব৷

সভাখনৰ অন্তত কেইটামান গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ সিদ্ধান্ত অনুসৰি,

বেচৰকাৰী বাছসমূহৰ ভাৰা যদিহে চৰকাৰে ৭০ শতাংশ বৃদ্ধি নকৰে তেন্তে সন্থাই নিজাববীয়াকৈ ৫০ শতাংশ ভাৰা বৃদ্ধিৰে বাছ সেৱা আৰম্ভ কৰিব৷

লকডাউনৰ সময়ছোৱাত বাছ সেৱা বন্ধ হৈ থকা হেতু চৰকাৰী ৰোড টেক্সৰ পৰা ৰেহাই দিয়াৰ দাবীৰ লগতে বীমা কোম্পানীসমূহে বীমাৰ ম্যাদ বৃদ্ধি কৰাৰ দাবী উত্থাপনৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button