nationalআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকভাৰত

বহু প্ৰত্যাশাৰ অন্তত আজি সমগ্ৰ দেশবাসীৰ বাবে মুকলি কৰি দিয়া হ’ব ৰাম মন্দিৰ দুৱাৰ। ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ আজিৰ কাৰ্যসূচী সমূহ

এই ঐতিহাসিক অনুষ্ঠানৰ সময়সূচী অনুসৰি আজি পুৱাৰ ১০.৫০ বজাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী। তাৰ পিছতে দুপৰীয়া ১২.১৫ বজাৰ পৰা ১২.৪৫ বজাৰ ভিতৰত প্ৰাণ প্ৰতিষ্ঠা কৰিব। এই অনুষ্ঠানত সমগ্ৰ দেশবাসীৰ লগতে বহু বিদেশী অতিথিয়ে অংশগ্ৰহণ কৰিব

ৰামৰ ভক্তিত বিলীন সমগ্ৰ দেশবাসী। সুদীৰ্ঘ ৫০০ বছৰ ইতিহাস গৰকা ৰাম মন্দিৰ সপোন বাস্তবায়িত হ’ব আজিৰ দিনটোতে। যোৱা ৬ দিনৰ বৰ্ণাধ্য কাৰ্যসূচীৰ অন্তত আজি ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠাৰ মহেন্দ্ৰ ক্ষণত সাক্ষী হ’ব দেশবাসী।

ৰাম মন্দিৰত ৭ দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীয়ে ১৬ জানুৱাৰী পৰা ৰাম লালৰ অভিশেষ আৰম্ভ হৈছে। বিভিন্ন ৰীতি-নীতিয়ে মঙ্গলবাৰৰ পৰা আৰম্ভ হোৱা ৰাম লালাৰ অভিশেষ অনুষ্ঠানত দেওবাৰে ৰামৰ শিশু ৰূপৰ ১২৫ টা ভাণ্ডাৰ পবিত্ৰ পানীৰে স্নান কৰা হয়। ইয়াৰ পিছতে, ৰাম লালাৰ শৈধিবাস ৰীতিৰ অধীনত নিচুকনি গীত পৰিৱেশন কৰি শুৱাই দিয়া হয়। আজি পুৱতি নিশা ৰামৰ শিশু ৰূপক হাততালি আৰু মংগল উৰুলিৰ ধ্বনিৰে জগোৱা হৈছে। তেওঁ চকু মেলাৰ লগে-লগে তেওঁক প্ৰথমতে এখন আইনা দেখুওৱা হয়।

এই ঐতিহাসিক অনুষ্ঠানৰ সময়সূচী অনুসৰি আজি পুৱাৰ ১০.৫০ বজাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। তাৰ পিছতে দুপৰীয়া ১২.১৫ বজাৰ পৰা ১২.৪৫ বজাৰ ভিতৰত প্ৰাণ প্ৰতিষ্ঠা কৰিব। এই অনুষ্ঠানত সমগ্ৰ দেশবাসীৰ লগতে বহু বিদেশী অতিথিয়ে অংশগ্ৰহণ কৰিব।

দুপৰীয়া ১২.২০ ত প্ৰধানমন্ত্ৰী মোদীয়ে ভগৱান ৰামৰ মূৰ্তিৰ চকুৰ ওপৰত বান্ধি থোৱা কাপোৰ আঁতৰ কৰিব, তাৰ পিছত আৰতি সম্পন্ন কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে প্ৰথম দৰ্শন কৰা পিছত দুপৰীয়া ১ বজাৰ পৰা সমগ্ৰ অতিথি সকলে ৰামক দৰ্শন কৰিব পাৰিব।

দুপৰীয়া ১.১৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱা সভাত ভাষণ দিব। এই অনুষ্ঠানত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মোহন ভাগৱত লগতে বহু বিশিষ্ট অতিথি উপস্থিত থাকিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.