অসমজীৱনশৈলীস্বাস্থ্য

বুকু জ্বলা-পোৰা কৰে নেকি আপোনাৰ? হ’ব পাৰে কে়ঞ্চাৰৰ লক্ষণ!

গেষ্ট্ৰিক আলচাৰৰ নাম নজনা লোক চাগে খুব কমেই ওলাব। কিন্তু গেষ্ট্ৰিক আলচাৰ বা গেষ্ট্ৰিকজনিত ঘা ক'ত আৰু কিয় হয় সেই বিষয়ে সৰ্বসাধাৰণ জ্ঞাত নহয়।

গেষ্ট্ৰিক আলচাৰৰ নাম নজনা লোক চাগে খুব কমেই ওলাব। কিন্তু গেষ্ট্ৰিক আলচাৰ বা গেষ্ট্ৰিকজনিত ঘা ক’ত আৰু কিয় হয় সেই বিষয়ে সৰ্বসাধাৰণ জ্ঞাত নহয়। ই হ’ল আমাৰ পৰিপাক নলীৰ ভিতৰৰ শ্লৈষ্মিক আৱৰণত লগা এবিধ ঘা। গেষ্ট্ৰিক আলচাৰ দুই ধৰণৰ হয়, এবিধ ‘নন কেঞ্চাৰ’ আৰু আনবিধ হ’ল কেঞ্চাৰ কোষযুক্ত ঘা।

 

গেষ্ট্ৰিক আলচাৰ বিভিন্ন কাৰণ থাকিব পাৰে যদিও মুলত হেলিক’বেক্টাৰ বা এইচ পাইল’ৰী নামৰ এবিধ বেক্টেৰিয়াৰ ফলত গেষ্ট্ৰিক আলচাৰ হয়।

 

উল্লেখযোগ্য যে, বিশ্বৰ ৫০ শতাংশতকৈও অধিক লোক পাকস্থলীত এইবিধ বেক্টেৰিয়া থাকেই, কিন্তু পাকস্থলীত এই বেক্টেৰিয়া কঢ়িয়াই ফুলা লোকৰ ১০-১৫ শতাংশৰ ক্ষেত্ৰতহে গেষ্ট্ৰিক আলচাৰ হোৱা দেখা যায়।
গেষ্ট্ৰিক আলচাৰৰ কেইটামান উল্লেখনীয় কাৰণ হ’ল-

 

দীৰ্ঘদিন ধৰি ষ্টেৰয়ড, পেৰাচিটামল, এছপিৰিনজাতীয় ঔষধ, পেইন কিলাৰ সেৱন কৰা, গেষ্ট্ৰিক আলচাৰৰ অন্যতম কাৰক। তাৰোপৰি পাকস্থলীত অত্যধিক এচিড সৃষ্টি হোৱা, অটো ইমিউন ডিজিজো গেষ্ট্ৰিক আলচাৰৰ কাৰণ হ’ব পাৰে।
তাৰ লগতে ফাষ্ট ফুড, জাংক ফুড, অধিক মচলাযুক্ত খাদ্য, ধূমপান-মদ্যপান ইত্যাদিৰ অত্যাধিক সেৱনো গেষ্ট্ৰিক আলচাৰৰ কাৰণ হ’ব পাৰে।

 

গেষ্ট্ৰিক আলচাৰ হ’লে দেখা দিয়া কেইটামান লক্ষণ হ’ল,
পেটৰ বিষ, খোৱাৰ পাছত বিষৰ প্ৰাবল্য বৃদ্ধি, বুকু জ্বলা-পোৰা কৰা, অভোক অভোক লগা, টেঙা উগাৰ, বমি ভাব আহি থকা, পেট ফুলি থকা, ওজন হ্ৰাস, শৰীৰত তেজ কমি যোৱা, গলত খাদ্য লাগি ধৰা ইত্যাদি।
আনহাতে কাৰোবাৰ ক্ষেত্ৰত যদি এক বা একাধিক বিপদ সংকেতযুক্ত লক্ষণে দেখা দিয়ে, তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.