Socialঅভিনয়মনোৰঞ্জন

বিতৰ্ক আৰু সংঘাতৰ মাজতেই মুক্তি পালে বহুচৰ্চিত হিন্দী ছবি পাঠান। আপুনি চালেনে পাঠান?

শ্বাহৰুখ খান, দীপিকা পাডুকন, জন আব্ৰাহম মুখ্য চৰিত্ৰত অভিনীত ছবিখন বিতৰ্কৰ পাছতো লাখৰো অধিক টিকট বিক্ৰী হৈছে অসমতে।

বিতৰ্ক আৰু সংঘাতৰ মাজতেই মুক্তি পালে বহুচৰ্চিত হিন্দী ছবি পাঠান। পুৱা ৬ বজাৰ লগে লগে ছবিগৃহত দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছে ছবিখন। শ্বাহৰুখ খান, দীপিকা পাডুকন, জন আব্ৰাহম মুখ্য চৰিত্ৰত অভিনীত ছবিখন বিতৰ্কৰ পাছতো লাখৰো অধিক টিকট বিক্ৰী হৈছে অসমতে। টিকট বিচাৰি এতিয়া দৰ্শকৰ মাজত হাহাকাৰ লাগিছে। ক’লা বজাৰতো বিক্ৰী হোৱাৰ অভিযোগ উঠিছে ছবিখনৰ টিকট। ছবিখনক লৈ ব্যাপক উৎকণ্ঠা অব্যাহত আছে দৰ্শকৰ মাজত। পাঠানক কেন্দ্ৰ কৰি বিগত বহুকেইটা দিনত সমগ্ৰ দেশজুৰি বিতৰ্কৰে আলোড়নৰ সৃষ্টি হৈছিল। পাঠান বয়কট কৰিবলৈ হিন্দুত্ববাদী সংগঠনসমূহে ঠায়ে ঠায়ে ছবিখনৰ পোষ্টাৰ জ্বলাই দিয়া, প্ৰদৰ্শনী বন্ধ কৰিবলৈ দাবী জনাইছিল। আন একাংশই আকৌ পাঠানৰ সপক্ষে থিয় দিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.