অসমধৰ্মীয়ধাৰ্মিকশিল্পীসংগীতসংস্কৃতি

শিৱৰ ব্যক্তিত্ব, আচৰণ, যাযাবৰী জীৱন সকলো জুবিন গাৰ্গৰ প্ৰিয় আছিল

নিজৰ শৰীৰত শিৱৰ টাটু অংকন কৰাই লৈছিল

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে অসমবাসীয়ে পাৰ কৰিছে জীৱন। জুবিন গাৰ্গৰ প্ৰতিটো গীতৰ কলি এতিয়া একো একোটা যেন জীৱনৰ সঞ্জীৱনী মন্ত্ৰ, আৰু তেখেতৰ প্ৰতিটো গীত যেন এটি এটি প্ৰাৰ্থনা। তেখেতে জীৱন্ত অৱস্থাত কৈ যোৱা প্ৰতিটো বাক্য অনুৰাগীয়ে আখৰে আখৰে পালন কৰে। জুবিন ক্ষেত্ৰটো সেই একেই পৰিৱেশ। জুবিন গাৰ্গে চাধা খাইছিল বাবে অনুৰাগীয়ে জুবিন ক্ষেত্ৰত গৈ তেখেতলৈ আগবঢ়াইছে চাধা। উল্লেখযোগ্য যে, কাঞ্চনজংঘা চিনেমাখনত “মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত” বুলি কৈ জুবিন গাৰ্গে নিজৰ গাত থকা লগুণ চিঙি পেলাইছিল। আৰু তাকেই অনুকৰণ কৰি এজন অনুৰাগীয়ে জুবিন ক্ষেত্ৰত “জয় জুবিন দা” বুলি কৈ চিঙি পেলালে নিজৰ লগুণ। সৰ্বত্ৰে চৰ্চিত হৈ পৰিল এই ঘটনা।

বহুলোকে কʼব খোজে জুবিন গাৰ্গ নাস্তিক আছিল। কিন্তু জুবিন গাৰ্গে জীৱিত কালত নিজেই কৈ গৈছিল যে তেখেতে ভগৱান শিৱক ভাল পাইছিল। শিৱৰ ব্যক্তিত্ব, আচৰণ, যাযাবৰী জীৱন সকলো জুবিন গাৰ্গৰ বাবে প্ৰিয় আছিল। আনকি জুবিন গাৰ্গে নিজৰ শৰীৰত শিৱৰ এটি টাটু অংকন কৰাই লৈছিল।

জুবিন গাৰ্গৰ কোনো জাতি, কোনো ধৰ্ম নাই বুলি কোৱা একাংশ অনুৰাগীক উদ্দেশ্যি কয় যে, “জুবিন গাৰ্গ এজন প্ৰকৃত শিৱ ভক্ত আছিল। জুবিন গাৰ্গে মন্দিৰত পূজা কৰি থকাৰ ফটো আছে মোৰ ওচৰত। ‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত’ এইটো কেৱল কাঞ্চনজংঘা চিনেমাখনৰ এটা ডাইলগহে আছিল। এইবোৰ লৈ বিতৰ্কৰ সৃষ্টি নকৰিব।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.