AssamInternationalleatest updatenationalnatural disasterঅসমআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগবিশ্ব

মধ্যনিশা ভূমিকম্পৰ জোকাৰণিত বিধ্বস্ত চুবুৰীয়া ৰাষ্ট্ৰ নেপাল….

মধ্যনিশা ভূমিকম্পৰ জোকাৰণিত বিধ্বস্ত চুবুৰীয়া ৰাষ্ট্ৰ নেপাল

শুকুৰবাৰে মধ্যনিশা ভূমিকম্পৰ জোকাৰণিত বিধ্বস্ত হ’ল চুবুৰীয়া ৰাষ্ট্ৰ নেপাল। ৬.৪ প্ৰাবল্যৰ ভূমিকম্পৰ প্ৰকোপত ধ্বংসস্তুপত পৰিণত হ’ল নেপালৰ বিস্তীৰ্ণ এলেকা। এইপৰ্যন্ত নিহতৰ সংখ্যা আনুষ্ঠানিকভাৱে ডেৰ শতাধিকৰো অধিক বুলি কোৱা হৈছে। কিন্তু ৰাষ্ট্ৰখনৰ বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ থকা বহুতৰে অৱস্থা সংকটজনক হৈ আছে। আনহাতে, বহুসংখ্যক লোক আবদ্ধ হৈ আছে ধ্বংসস্তুপৰ মাজত।

এনে পৰিপ্ৰেক্ষিততে নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা ঘনীভূত হৈছে। নিশা প্ৰায় ১১.৩২ বজাত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। নেপালত সৃষ্ট এই ভূমিকম্পৰ জোকাৰণি দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী তথা বিহাৰৰো বহু এলেকাত অনুভূত হয়। স্মৰ্তব্য যে নেপাল অত্যন্ত ভূমিকম্পপ্ৰৱন এলেকা।

পৃথিৱীৰ সবাতোকৈ অধিক ভূমিকম্প সক্ৰিয় এলেকাতেই অৱস্থিত নেপাল। এনে পৰিপ্ৰেক্ষিততে প্ৰায়েই দেশখনত বৃহৎ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈ আহিছে। সাম্প্ৰতিক ইতিহাসত ২০১৫ চনত অহা দুটাকৈ ভূমিকম্পত প্ৰায় ৯ হাজাৰ লোকৰ মৃত্যু ঘটিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.