পৰিৱেশবতৰ

অসমত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা, উত্তৰ-পূবৰ আন ৰাজ্যতো হ’ব বৰষুণ…

একে সময়তে, ৪ জুনৰ আশে-পাশে দিল্লী আৰু এনচিআৰ অঞ্চলৰ চাৰিওফালে তীব্ৰ বতাহৰ সম্ভাৱনা আছে। উত্তৰ ভাৰতৰ বেছিভাগ অঞ্চলত সৰ্বাধিক তাপমাত্ৰা ৪০ ডিগ্ৰীতকৈ অধিক হ'ব।

দেশত আৰম্ভ হৈছে প্ৰাক-মৌচুমী বৰষুণ। অহা ২৪ ঘণ্টাত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দক্ষিণ অংশ, কেৰালা, লক্ষ্যদ্বীপ, দক্ষিণ উপকূলীয় কৰ্ণাটক, অসম, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰৰ কিছু অংশত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

 

একে সময়তে, ৰাজস্থান আৰু মধ্য প্ৰদেশৰ কিছু অংশত তাপ প্ৰবাহ বিৰাজ কৰিব পাৰে। তামিলনাডু, দক্ষিণ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, গুৱা, জম্মু-কাশ্মীৰৰ লগতে উৰিষ্যাৰ কিছু অংশত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও, ছিকিমৰ বিভিন্ন ঠাইত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হ’ব।

 

বতৰবিজ্ঞান কেন্দ্ৰৰ প্ৰতিবেদন অনুসৰি, ৰাজধানী দিল্লীকে ধৰি উত্তৰ ভাৰতৰ কিছু অংশত বতাহৰ গতি বৃদ্ধি পাব, যাৰ ফলত তাপ প্ৰবাহৰ পৰিস্থিতি সৃষ্টি হ’ব পাৰে। একে সময়তে, ৪ জুনৰ আশে-পাশে দিল্লী আৰু এনচিআৰ অঞ্চলৰ চাৰিওফালে তীব্ৰ বতাহৰ সম্ভাৱনা আছে। উত্তৰ ভাৰতৰ বেছিভাগ অঞ্চলত সৰ্বাধিক তাপমাত্ৰা ৪০ ডিগ্ৰীতকৈ অধিক হ’ব।

 

উল্লেখ্য যে, যোৱা ২৪ ঘণ্টাত কেৰালা, উপ-হিমালয়, পশ্চিম বংগ আৰু অসমৰ পূব অংশত দৈনিক পাতলৰ পৰা মধ্যমীয়া বৰষুণ হৈ আছে আৰু কেইদিনমানলৈ প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যকেইখনত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.