খেলভাৰতমনোৰঞ্জন

নিউজিলেণ্ডে আফগানিস্তানক পৰাস্ত কৰাৰ পাছতে T-20 বিশ্বকাপৰ ছেমিফাইনেলৰ আশা শেষ টীম ইণ্ডিয়াৰ

ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলেও সোমবাৰে ভাৰতে নামিবিয়াৰ সৈতে অন্তিমখন মেচ খেলিব

আবু ধাবিত নিউজিলেণ্ডে আফগানিস্তানক পৰাস্ত কৰাৰ পাছতে T-20 বিশ্বকাপৰ ছেমিফাইনেলৰ আশা শেষ টীম ইণ্ডিয়াৰI
দেওবাৰে অনুষ্ঠিত খেলত আবু ধাবিত আফগানিস্তানক ৮ উইকেটত পৰাস্ত কৰি নিউজিলেণ্ডে ছেমি ফাইনেল পোৱাৰ পাচতে এই ৰেচৰ পৰা বাহিৰ হ’ল ভাৰতীয় দলটো৷ প্ৰথমে বেট ধৰি ১২৪ ৰান সংগ্ৰহ কৰিছিল আফগানিস্তানে আৰু মাত্ৰ ২টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় নিউজিলেণ্ড।
ইয়াৰ পূৰ্বে ২০০৭ আৰু ২০১৬ চনত ছেমি ফাইনেলত প্ৰৱেশ কৰা নিউজিলেণ্ডে তৃতীয়বাৰৰ বাবে T20 বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ বিপৰীতে চতুৰ্থবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশৰ পৰা বঞ্চিত হয় ভাৰতীয় দলটো৷
ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ নিউজিলেণ্ডক প্ৰয়োজন আছিল এই জয়ৰ। নিউজিলেণ্ড আৰু আফগানিস্তানৰ মাজত হোৱা এই মেচত চুবুৰীয়া দেশ আফগানিস্তানে জয়লাভ কৰিলে ভাৰতে ছেমি ফাইনেল মেচ খেলাৰ সুযোগ লাভ কৰিলেহেঁতেন৷
ইফালে, ২০১২ চনৰ পিছত প্ৰথমবাৰৰ বাবে আইচিচি টুৰ্ণামেণ্টত ছেমিফাইনেলৰ যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হয় বিৰাট কোহলী নেতৃত্বাধীন দলটোৱে।
ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলেও সোমবাৰে ভাৰতে নামিবিয়াৰ সৈতে অন্তিমখন মেচ খেলিব ৷ ইফালে দেওবাৰে শ্বাৰজাহত স্কটলেণ্ডৰ বিৰুদ্ধে 72 ৰাণত জয়লাভ কৰে পাকিস্তানে ৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.