অভিনয়জীৱনশৈলীদৈনিক বাতৰিভাৰতমনোৰঞ্জন

আজি বিয়লি ৫ বজাত অনুষ্ঠিত হ’ব সিদ্ধাৰ্থ শুকলাৰ প্ৰাৰ্থনা সভা, ভাৰ্ছুৱেলি উপস্থিত থাকিব পাৰিব অনুৰাগী

অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে তেওঁৰ পৰিয়াল, বন্ধুবৰ্গৰ উপস্থিতিত আয়োজন কৰা হৈছে এক বিশেষ প্ৰাৰ্থনা সভাৰ

অভিনেতা সিদ্ধাৰ্থ শুকলাক সন্মান দিয়াৰ উদ্দেশ্যে সোমবাৰে আবেলি ৫ বজাত আয়োজন কৰা হৈছে প্ৰাৰ্থনা সভাৰ। ইনষ্টাগ্ৰামযোগে অনুৰাগীক প্ৰাৰ্থনা সভাৰ বাবে আমন্ত্ৰণ জনালে অভিনেতা কৰণবীৰ বহৰাই।

প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুকলাৰ মাতৃ আৰু ভগ্নীৰ হৈ কৰণবীৰে শ্বেয়াৰ কৰিলে পোষ্ট। টেলিভিছন পৰ্দাৰ লগতে বলিউডতো ভুমুকি মৰাৰ লগতে Bigg Boss-13ৰ বিজয়ী হোৱা সিদ্ধাৰ্থ শুকলাই ৪০ বছৰ বয়সতে অকাল মৃত্যুক সাৱটি লয়।

সোমবাৰে, অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে তেওঁৰ পৰিয়াল, বন্ধুবৰ্গৰ উপস্থিতিত আয়োজন কৰা হৈছে এক বিশেষ প্ৰাৰ্থনা সভাৰ।

নিমন্ত্ৰণী পত্ৰত সিদ্ধাৰ্থক পৰীৰ লগত তুলনা কৰা হৈছে, যিয়ে সকলোৰে হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে, সিদ্ধাৰ্থৰ অনুৰাগীসকলে ZOOM LINKৰ জৰিয়তে প্ৰাৰ্থনা সভাত উপস্থিত থাকিব পাৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.