Socialভাৰত

পুনৰ পুলৱামাত উগ্ৰপন্থীৰ ভয়াৱহ গ্ৰেনেড আক্ৰমণ! নিহত  শ্ৰমিক

মৃত শ্ৰমিকজনক বিহাৰৰ চাকৱা পাৰ্ছাৰ বাসিন্দা মহম্মদ মুমতাজ বুলি জানিব পৰা গৈছে

জম্মু-কাশ্মীৰৰ পুলৱামাত উগ্ৰপন্থীৰ গ্ৰেনেড আক্ৰমণ! নিহত  শ্ৰমিক

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাত উগ্ৰপন্থীৰ ভয়ংকৰ গ্ৰেনেড আক্ৰমণ৷ আক্ৰমণত নিহত হৈছে এজন শ্ৰমিক লগতে আহত দুজন ব্যক্তি। আক্ৰমণৰ পিছত, আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰে। মৃত শ্ৰমিকজনক বিহাৰৰ চাকৱা পাৰ্ছাৰ বাসিন্দা মহম্মদ মুমতাজ বুলি জানিব পৰা গৈছে। আহত ৰামপুৰৰ বাসিন্দা মহম্মদ আৰিফ আৰু মহম্মদ মজবুলক পুলৱামাৰ চৰকাৰী জিলা চিকিৎসালয়ত ভৰ্তি৷

জম্মু-কাশ্মীৰ আৰক্ষীয়ে উল্লেখ কৰা মতে সন্ত্ৰাসবাদীৰ আক্ৰমণ গাদুৰা অঞ্চলত সংঘটিত হৈছিল। সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি শ্ৰীনগৰৰ প্ৰাক্তন ডেপুটি মেয়ৰ শ্বেখ ইমৰানৰ।

কাশ্মীৰ উপত্যকাৰ সন্ত্ৰাসবাদীসকলে নিৰন্তৰভাৱে প্ৰবাসী শ্ৰমিক আৰু কৰ্মচাৰীসকলক আক্ৰমণ কৰি আহিছে। পূৰ্বৰ আক্ৰমণত বহুতো নিৰীহ প্ৰবাসী নাগৰিকে প্ৰাণ হেৰুৱাইছিল। চৰকাৰ আৰু আৰক্ষীয়ে টাৰ্গেট কিলিঙৰ সৈতে জড়িত কেইবাজনো সন্ত্ৰাসবাদীক হত্যা কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.