পৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

ধাৰাসাৰ বৰষুণত বিধস্ত তামিলনাডুঃ যোৱা ছয় বছৰত হোৱা নাছিল এনে বৰষুণ

বন্ধ হৈ পৰিছে বিদ্যালয় আৰু মহাবিদ্যালয়সমুহ। কাৰ্যালয়টোও জৰুৰীভাৱে বন্ধ কৰি দিয়াৰ লগতে ব্যক্তিগত কৰ্মচাৰীসকলক প্ৰশাসনে ঘৰৰ পৰা কাম কৰিবলৈ অনুৰোধ জনাইছে। ব্যাহত হৈছে ৰে'ল চলাচলো।

শনিবাৰে ৰাতিপুৱাৰ পৰা তামিলনাডুৰ ৩৬ খন জিলাত ধাৰাসাৰ বৰষুণে বিস্তৰ ক্ষতিসাধণ কৰিছে। নেৰেনেপেৰা বৰষুণৰ ফলত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে চাৰিজন লোকে। বিভিন্ন অঞ্চলত জলমগ্ন লোকৰ বাসগৃহ ইতিমধ্যে পানীয়ে বুৰা গৈছে। ইতিমধ্যে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে তামিলনাডুত। এই পৰিস্থিতিত ইতিমধ্যে প্ৰায় ১,৪০০ ৰো অধিক লোকক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে।

বন্ধ হৈ পৰিছে বিদ্যালয় আৰু মহাবিদ্যালয়সমুহ। কাৰ্যালয়টোও জৰুৰীভাৱে বন্ধ কৰি দিয়াৰ লগতে ব্যক্তিগত কৰ্মচাৰীসকলক প্ৰশাসনে ঘৰৰ পৰা কাম কৰিবলৈ অনুৰোধ জনাইছে। ব্যাহত হৈছে ৰে’ল চলাচলো।

বতৰ বিভাগৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি,  ৰাজ্যখনত যোৱা ছয় বছৰত এনে ধৰণৰ বৰষুণ হোৱা নাই।

এই পৰিস্থিতিৰ বুজ ল’বলৈ সোমবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি তাৎক্ষণিক সাহায্য প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে কেইবাখনো জিলাত সাহায্য শিবিৰ খোলাৰ লগতে জৰুৰীকালীন ফোন নম্বৰও মুকলি কৰিছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.