উৎসৱ

আজি গুৰুপূৰৱ, দেশজুৰি পালন গুৰু নানকৰ ৫৫২ সংখ্যক জন্ম জয়ন্তী

নানকানা চাহিবত ১৪৬৯ ছ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰিছিল ধৰ্মগুৰু গুৰু নানকে। কাৰ্তিক পূৰ্ণিমাৰ দিনটোতে পালন কৰা হয় এই পবিত্ৰ তিথি।

আজি শিখ ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মগুৰু গুৰু নানকৰ জন্মবাৰ্ষিকী। দেশজুৰি শিখ ধৰ্মৰ লোকসকলে পালন কৰিছে এই উৎসৱ-গুৰুপূৰৱ অথবা গুৰু নানক জয়ন্তী।

দেশৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত বসবাস কৰা শিখ ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে পালন কৰিছে ৫৫২ সংখ্যক গুৰু নানক জয়ন্তী। নানকানা চাহিবত ১৪৬৯ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰিছিল ধৰ্মগুৰু গুৰু নানকে। কাৰ্তিক পূৰ্ণিমাৰ দিনটোতে পালন কৰা হয় এই পবিত্ৰ তিথি।

গুৰু নানক হৈছে দহজন শিখ গুৰুৰ ভিতৰত অন্যতম, যিয়ে শিখ ধৰ্মৰ প্ৰৱৰ্তনত অন্যতম ভূমিকা গ্ৰহণ কৰিছিল।

এই বিশেষ দিনটোত ভক্তসকলে গুৰুদ্বাৰত প্ৰাৰ্থনাৰ আয়োজন কৰে। আজিৰ দিনটোত অমৃতশ্বৰৰ গ’ল্ডেন টেম্পলৰ লগতে বিশ্বৰ ঠায়ে-ঠায়ে থকা গুৰুদ্বাৰসমূহত ভক্তৰ লানি-নিছিগা ভিৰ দেখিবলৈ পোৱা যায়।

গুৰুপূৰৱৰ দিনটোত গুৰুদ্বাৰসমূহত ৪৮ ঘন্টীয়া অখণ্ড পাঠৰ আয়োজন কৰিছে শিখ ধৰ্মাৱলম্বী লোকসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.