অসমখেল

বোকাজানৰ ক্ৰীড়াপ্ৰেমীলৈ সুখবৰ, বোকাজান ক্ৰীড়া সংস্থাৰ উদ্যোগত মুকলি হ’ল ফুটবল, ভলীবল, বেডমিন্টন আৰু ফিটনেছৰ প্ৰশিক্ষণ কেন্দ্ৰ

এই মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এদিনীয়া দিবা-নৈশ ভলীবল টুৰ্ণামেন্ট ২০২১। ল'ৰা-ছোৱালী উভয়ে অংশগ্ৰহণ কৰা ভলীবল টুৰ্ণামেন্টখনিৰ বাবে শতাধিক দৰ্শকে ভিৰ কৰেহি বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত।

বোকাজানবাসীলৈ সুখবৰ। বোকাজানৰ ক্ৰীড়াপ্ৰেমীৰ মুখত হাঁহি বিৰিঙাই বোকাজান স্পৰ্টছ এছ’চিয়েচনৰ অধীনত আনুষ্ঠানিকভাৱে মুকলি হ’ল ফুটবল, ভলীবল, বেডমিন্টন আৰু ফিটনেছৰ প্ৰশিক্ষণ কেন্দ্ৰ।

দেওবাৰে, কাৰ্বি আংলং জিলাৰ বোকাজানত, বোকাজান স্পৰ্টছ এছ’চিয়েচনৰ অধীনত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠান। বোকাজান পৌৰ পৰিষদ, KASA(Karbi Anglong Sports Association)ৰ শাৰীৰিক প্ৰশিক্ষক, বোকাজান প্ৰেছ ক্লাৱৰ সহযোগত দেওবাৰে বোকাজান ক্ৰীড়া সংস্থাৰ মুকলি খেলপথাৰত আয়োজন কৰা হয় প্ৰশিক্ষণ কেন্দ্ৰৰ মুকলি অনুষ্ঠান। প্ৰশিক্ষণ কেন্দ্ৰটোৰ মুকলি কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য্য ঢেকীয়াল ফুকনে।

এই মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এদিনীয়া দিবা-নৈশ ভলীবল টুৰ্ণামেন্ট ২০২১। ল’ৰা-ছোৱালী উভয়ে অংশগ্ৰহণ কৰা ভলীবল টুৰ্ণামেন্টখনিৰ বাবে শতাধিক দৰ্শকে ভিৰ কৰেহি বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত।

উল্লেখ্য যে, বোকাজানৰ কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত বোকাজানত মুকলি কৰা ভলীবল, ফুটবল, বেডমিন্টন আৰু ফিটনেছৰ প্ৰশিক্ষণ কেন্দ্ৰটোৱে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ লগতে সকলো লোককে উপকৃত কৰিব। আনকি এই প্ৰশিক্ষণ কেন্দ্ৰটোৱে অঞ্চলটোৰ ল’ৰা-ছোৱালীৰ শাৰিৰীক, মানসিক বিকাশত উদগণি যোগোৱাৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাত ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী বোকাজানবাসী।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.