অপৰাধ

পুনৰ মহানগৰীত বনকৰা কিশোৰীৰ ওপৰত মালিকে চলালে নিৰ্যাতন

হাতীগাঁৱৰ লখিমী নগৰৰ শুভম এনক্লেভত সংঘটিত হৈছে এই ঘটনা

পুনৰ মহানগৰীত বনকৰা কিশোৰীক নিৰ্যাতন। প্ৰায় ১৬ বছৰ বয়সৰ কিশোৰীগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে মালিকৰ বিৰুদ্ধে। হাতীগাঁৱৰ লখিমী নগৰৰ শুভম এনক্লেভত সংঘটিত হৈছে এই ঘটনা। ধীৰাজ বড়োৰ নামৰ এজন লোকৰ ঘৰত বনকৰা কিশোৰী হিচাপে আছিল নিৰ্যাতিত কিশোৰীগৰাকী। দীৰ্ঘদিন ধৰি কিশোৰীগৰাকীক ধীৰাজ বড়োৰ লগতে পৰিয়ালৰ লোকসকলে চলাই আহিছিল শাৰিৰীক আৰু মানসিক নিৰ্যাতন। হাতীগাওঁ থানাতন এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল শুভম এনক্লেভৰ আৱাসীয়ে। আৰু সেই অভিযোগৰ ভিত্তিতে হাতীগাঁও আৰক্ষীয়ে আটক কৰে ধীৰাজ বড়ো আৰু তেওঁৰ মাতৃক। ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে নিৰ্যাতিত কিশোৰী গৰাকীক। পেছাত ভাৰতীয় ষ্টেট বেংক এগৰাকী কৰ্মচাৰী ধীৰাজ বড়ো। প্ৰায় ৪ বছৰ ধৰি ধীৰাজ বড়োৰ ঘৰত বনকৰা কৰ্মচাৰী হিচাপে আছিল নিৰ্যাতিত কিশোৰীগৰাকী। জানিবপৰা মতে, কিশোৰীগৰাকী বহিঃৰাজ্যৰ বাসিন্দা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.