AssamCMO AssamCultureEducationpoliticalSocialSocial Networkঅৰ্থনৈতিকঅসমঅসম আৰক্ষীআঞ্চলিককৃষিখাদ্যগুৱাহাটীদৈনিক বাতৰিপৰিৱেশভাৰতসংস্কৃতিস্বাস্থ্য

আজি মুখ্যমন্ত্ৰীৰ দিনজোৰা কাৰ্যসূচী

মহানগৰীত মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা

আজি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ দিনজোৰা কাৰ্যসূচী । আজি গুৱাহাটী মহানগৰীত মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা । GMCHলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । উদ্বোধন কৰিব ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান । মুখ্যমন্ত্ৰীগৰাকীৰ আগমনৰ বাবে কঠোৰ নিৰাপত্তা বেষ্টনী । উঠাই দিয়া হৈছে পদপথৰ দোকানসমূহক । নতুন প্ৰকল্প উদ্বোধনৰ লগতে হ’ব ভূমিপূজন কৰিব মুখ্যমন্ত্ৰীয়ে । ৬৪০ কোটি টকা ব্যয়ৰে নিৰ্মাণ প্ৰকল্পৰ কৰিব উদ্বোধন । ক’ৰ ভৱনৰ লগতে পূৰবী দুগ্ধ প্ৰকল্পৰ কৰিব সম্প্ৰসাৰণ । সম্প্ৰসাৰিত পূৰবী দুগ্ধ প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰকল্প উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এই অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী অতুল বৰা, নন্দিতা গাৰ্লোচা । কৃষিবাণিজ্য, গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প অধীনত এই অনুষ্ঠান । পাঞ্জাবাৰীৰ পূৰবী ডেইৰীৰ চৌহদত প্ৰকল্প উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । ডেইৰীৰ গাখীৰ প্ৰক্ৰিয়াকৰণ প্ৰকল্পই সতেজ পেক কৰা গাখীৰ আৰু বিভিন্ন সামগ্ৰী যেনে পনীৰ, দৈ, সোৱাদযুক্ত গাখীৰ, ক্ৰীম, ঘিউ আদি প্ৰস্তুত কৰি ৰাজ্যৰ অৰ্থনীতি নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । উদ্বোধন কৰিব বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান PET CT । উঃ গুৱাহাটী-উমানন্দ মডুলাৰ টাৰ্মিনেলৰ হ’ব ভূমিপূজন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চৰকাৰৰ বিশেষ অনুষ্ঠান । আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান । আত্মসমৰ্পণকাৰী আলফাৰ বাবে পুঁজি মুকলি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । আলফাৰ নিকটাত্মীয়লৈও প্ৰদান কৰিব আৰ্থিক সাহায্য । উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, DGP জি পি সিং । ৮৫২ সদস্যক ৪ লাখ টকালৈ সাহায্য প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 2 =

Back to top button