অসমঅসম আৰক্ষী

‘আনন্দ মিশ্ৰৰ কেৱল বদলি হোৱাটো নহয়, কঠোৰ শাস্তি হোৱাটোহে বিচাৰিছিলো’, কোনে কিয় ক’লে এই কথা?

আনন্দ মিশ্ৰ হৈছে এগৰাকী অসমীয়া বিদ্বষী আইপিএছ বিষয়া। যি প্ৰমাণ ইতিমধ্যে আনন্দ মিশ্ৰই 'কা' আন্দোলনৰ সময়ত নিৰীহ অসমীয়া যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি প্ৰমাণ দি থৈছে'।

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বদলি হোৱাৰ পিছতেই ৰাজ্যজুৰি লাগিছে তোলপাৰ। নগাঁৱৰ ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ ঘটনাৰ পিছত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেল সম্বোধন কৰাৰ পাছতেই আনন্দ মিশ্ৰৰ বদলিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে।

 

নগাঁৱৰ পৰা আনন্দ মিশ্ৰৰ বদলি হ’ল যদিও বহুতৰে হৃদয়ৰ পৰা আঁতৰ হোৱা নাই আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত নগাঁৱৰ কীৰ্তিকমল বৰাৰ ভুৱা এনকাউণ্টাৰ হোৱা ঘটনাটো। আনন্দ মিশ্ৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰাইজৰ দলৰ নেতা-কৰ্মীয়ে। ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে কয়, ‘তেওঁৰ ওপৰত কঠোৰ শাস্তি হোৱাটোহে আমি বিচাৰিছিলো। আনন্দ মিশ্ৰই কীৰ্তিকমলৰ দৰে আৰু বহু ভুৱা এনকাউণ্টাৰ কৰিলে, যিবোৰৰ আজিলৈকে কোনো তদন্ত নহ’ল। আনন্দ মিশ্ৰ হৈছে এগৰাকী অসমীয়া বিদ্বষী আইপিএছ বিষয়া। যি প্ৰমাণ ইতিমধ্যে আনন্দ মিশ্ৰই ‘কা’ আন্দোলনৰ সময়ত নিৰীহ অসমীয়া যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি প্ৰমাণ দি থৈছে’।

 

ইয়াৰ উপৰিও আনন্দ মিশ্ৰক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰি অতি শীঘ্ৰে আনন্দ মিশ্ৰৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনায় ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − sixteen =

Back to top button