জম্মু-কাশ্মীৰৰাষ্ট্ৰীয় সুৰক্ষা

পুনৰ এনকাউণ্টাৰ! জম্মু-কাশ্মীৰৰ বাণ্ডিপ’ৰাত সুৰক্ষা বাহিনীৰ গুলীত নিহত দুটা সন্ত্ৰাসবাদী…

সন্ত্ৰাসবাদীৰ ওচৰৰ পৰা জব্দ কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ

জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদীৰ কুচকাৱাজ। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলিছে ইটোৰ পিছত সিটো এনকাউণ্টাৰ।

দেওবাৰে বাণ্ডিপ’ৰাত সুৰক্ষা বাহিনীয়ে গুলীয়াই হত্যা কৰে দুটা সন্ত্ৰাসবাদী। দেওবাৰে গোপন সূত্ৰৰ পম খেদি উত্তৰ কাশ্মীৰত সুৰক্ষা বাহিনীয়ে চলায় অভিযান।

যদিও সুৰক্ষা বাহিনীয়ে প্ৰথমতে সন্ধান অভিযান চলায়, তথাপি সন্ত্ৰাসবাদীয়ে সুৰক্ষা বাহিনীৰ লোকলৈ প্ৰথমে গুলী চালনা কৰাত এনকাউণ্টাৰ কৰিবলৈ উদ্যত হয় জোৱানসকল। উল্লেখযোগ্য যে, সন্ত্ৰাসবাদীৰ ওচৰৰ পৰা জব্দ কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + sixteen =

Back to top button