ৰাজনৈতিক

আৰম্ভ ৰাষ্ট্ৰপতি ভৱনৰ দৌৰ, দ্ৰৌপদী মুৰ্মূৱে দাখিল কৰিলে মনোনয়ন…

প্ৰধানমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডা হৈছে মনোনয়ন পত্ৰৰ স্বাক্ষৰকাৰী।

ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল কৰিলে দ্ৰৌপদী মুৰ্মূৱে। দিল্লীত মনোনয়ন পত্ৰ দাখিল কৰিলে NDAৰ প্ৰাৰ্থী, ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মূৱে।

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিজেপিৰ বহুকেইজন শীৰ্ষ নেতাৰ উপস্থিতিত শুকুৰবাৰে, সংসদত মনোনয়ন দাখিল কৰে মুৰ্মূৱে।

 

দ্ৰৌপদী মুৰ্মূৰ হৈ প্ৰধানমন্ত্ৰীয়ে প্ৰথমতে দাখিল কৰে প্ৰস্তাৱ। বিজেপিয়ে মুৰ্মূৰ প্ৰাৰ্থীত্বৰ বাবে চাৰিটা ছেট প্ৰস্তুত কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডা হৈছে মনোনয়ন পত্ৰৰ স্বাক্ষৰকাৰী।

 

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ৰাজনীতিত তোলপাৰ লগোৱা আদিবাসী মহিলা দ্ৰৌপদী মুৰ্মূৱে ২০০০ চনৰ মাৰ্চ মাহৰ পৰা ২০০৪ চনৰ মে’ মাহলৈকে উৰিষ্যা চৰকাৰৰ এগৰাকী মন্ত্ৰী আছিল। ২০১৫ চনৰ মে’ মাহত ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল হিচাপে নিৰ্বাচিত হৈছিল মুৰ্মূ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button