Covid-19ভাৰত

ইতিহাস ৰচিলে ভাৰতে, ক’ভিডৰ বিৰুদ্ধে শক্তিশালী ভাৰতে ১০০ কোটি ভেকচিন প্ৰদানেৰে ৰচিলে ইতিহাস…

বৃহস্পতিবাৰে, ভাৰতৰ ভেকচিন নিৰ্মাণ কৰা প্ৰতিষ্ঠান, ভেকচিন প্ৰদানৰ সৈতে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ইতিহাস ৰচিলে ভাৰতে। বৃহস্পতিবাৰে, ১০০ কোটি লোকক ভেকচিন প্ৰদানেৰে ইতিহাস ৰচিবলৈ সক্ষম হ’ল ভাৰত।
বিনামূলীয়া ভেকচিন প্ৰদান কাৰ্যসূচীক ভাৰতীয় বিজ্ঞানৰ জয় হিচাপে চিহ্নিত কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ ১৩০ কোটি জনসাধাৰণৰ বাবে এয়া জয় হিচাপে অভিহিত কৰিলে প্ৰধানমন্ত্ৰীয়ে।

টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, “ইতিহাস ৰচনা কৰিলে ভাৰতে। আমি ১৩০ কোটি ভাৰতীয়ৰ ভাৰতীয় বিজ্ঞান, উদ্যোগ আৰু সামূহিক মনোভাৱৰ বিজয় প্ৰত্যক্ষ কৰিছো। ভাৰতক ১০০ কোটি টিকাকৰণ অতিক্ৰম কৰাৰ বাবে অভিনন্দন জনাইছো। আমাৰ চিকিৎসক, নাৰ্ছ আৰু এই কৃতিত্ব অৰ্জনৰ বাবে কাম কৰা সকলো লোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো।”

বৃহস্পতিবাৰে, নতুন দিল্লীৰ ৰাম মনোহৰ হাস্পতালত উপস্থিত হৈ হেলথকেয়াৰ কৰ্মীসকলৰ সৈতেও ক’ভিড ভেকচিন সন্দৰ্ভত মত বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে, ক’ভিডৰ বিৰুদ্ধে ভাৰতীয়ৰ এখন বিশাল সুৰক্ষাপূৰ্ণ ঢাল আছে। কিয়নো ভাৰতৰ জনতাক এতিয়ালৈকে ১০০ কোটি ভেকচিন দিয়া হৈছে।  ২১ অক্টোবৰৰ দিনটোত ১০০ কোটি ভেকচিন প্ৰদানেৰে ইতিহাস ৰচিবলৈ সক্ষম হ’ল ভাৰতবৰ্ষ। বৃহস্পতিবাৰে, ভাৰতৰ ভেকচিন নিৰ্মাণ কৰা প্ৰতিষ্ঠান, ভেকচিন প্ৰদানৰ সৈতে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.