Internationalleatest updateSocial

আৰৱ সাগৰত বৃদ্ধি পোৱা জাহাজ হাইজেকৰ ঘটনাৰ পিছতে সৰৱ হৈ পৰিছে ভাৰতীয় নৌসেনা।

এই বাৰ্তাৰ পিছতে ভাৰতীয় নৌসেনাই INS চেন্নাইক MV LILA NORFOLKৰ উদ্ধাৰৰ বাবে প্ৰেৰণ কৰিছে।

আৰৱ সাগৰত বৃদ্ধি পোৱা জলদস্যুৰ ঘটনা তথা জাহাজ হাইজেকৰ পৰিপ্ৰেক্ষিতত সৰৱ হৈ পৰিছে ভাৰতীয় নৌসেনা। শুকুৰবাৰে ভাৰতীয় নৌসেনাই সমুদ্ৰ পহৰাদাৰী যুদ্ধ জাহাজ P8I আৰু INS চেন্নাইক মোতায়েন কৰিছে। শেহতীয়াকৈ লিবেৰিয়াৰ পতাকা থকা এখন মালবাহী জাহাজৰ ওপৰত চলা আক্ৰমণৰ প্ৰচেষ্টাৰ পাছতেই ভাৰতীয় নৌসেনাই এই পদক্ষেপ গ্ৰহণ কৰিছে। মালবাহী জাহাজ MV LILA NORFOLKত প্ৰায় ১২জন ভাৰতীয় নাবিক আছে আৰু সাগৰীয় বাৰ্তা প্ৰেৰণৰ প’ৰ্টেল UKMTOত জনোৱা মতে প্ৰায় ৫ৰ পৰা ৬ অস্ত্ৰধাৰী অজ্ঞাত ব্যক্তি বৃহস্পতিবাৰে সন্ধিয়া জাহাজখনত প্ৰৱেশ কৰিছে।

এই বাৰ্তা পোৱাৰ পাছতেই ভাৰতীয় নৌসেনাই INS চেন্নাইক MV LILA NORFOLKৰ উদ্ধাৰৰ বাবে প্ৰেৰণ কৰিছে। শেহতীয়া খবৰ অনুসৰি ভাৰতীয় নৌসেনাৰ কমাণ্ডো ইতিমধ্যে MV LILA NORFOLKত প্ৰৱেশ কৰি সুৰক্ষিত কৰিছে নাবিকসকলক। উল্লেখ্য যে আৰৱ সাগৰত বৃদ্ধি পোৱা ড্ৰোণ আক্ৰমণ তথা মালবাহী জাহাজ অপহৰণৰ ঘটনাবোৰৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নৌসেনা সষ্টম হৈ পৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.