Assamassam policeCity newsCMO AssamCultureGovernment SchemePMo indiapoliticalRegionalSocialSocial Networkঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতভ্ৰমণৰাজনৈতিক

বিল গেট্ছৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী

কি কি আলোচনা কৰিলে বিল গেট্ছৰ সৈতে

নৰেন্দ্ৰ মোদী আৰু বিল গেট্ছৰ সৈতে আলোচনা স্থান পালে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰসংগই । কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা জলবায়ু পৰিৱৰ্তন, নাৰী সবলীকৰণ, বিশ্বত বৰ্তমান সময়ৰ আটাইতকৈ জ্বলন্ত সমস্যাক লৈ আলোচনা কৰিলে। কিদৰে উপযুক্ত প্ৰশিক্ষণ AIৰ ব্যৱহাৰকাৰীসকলে কিদৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। দীঘলীয়া বিমানযাত্ৰা কৰাৰ পিছতো জনসভা অংশগ্ৰহণ, কেবিনেট বৈঠক, কিদৰে পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? হাঁহি হাঁহি মোদীয়ে জনালে, অলপ বিশ্ৰামতে সতেজ হৈ যায়, তেওঁৰ শৰীৰ সেইদৰেই গঠিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বৰ আটাইতকৈ পৰিশ্ৰমী নেতাৰ এজন বুলি অভিহিত কৰে বিল গেট্ছে । তেওঁৰ প্ৰশ্ন, বিশ্ৰাম কৰাৰ বাবে মোদীয়ে কি কি কৰে? মোদীৰ উত্তৰ আছিল আমোদজনক। মোদীয়ে কয়, তেওঁ অটোপাইলট মুডত বিশ্ৰাম লয়। ‘হিমালয়ত কটোৱাৰ সময়ত ব্ৰহ্ম মুহূৰ্তত স্নান কৰিছিলো। এতিয়াও সেয়া কৰো। পুৱা ৩.২০ বজাৰ পৰা ৩.৪০ বজাৰ ভিতৰত মই তৈয়াৰ হৈ যাওঁ। এই বস্তুবোৰেই সময়ৰ সৈতে মোৰ শৰীৰক কণ্ডিচন কৰিছে।’’বিল গেট্ছ কভিড সম্পৰ্কত প্ৰশ্নত কয়, সমগ্ৰ বিশ্বক ভেকচিন দিছে ভাৰতে। কিন্তু নিজৰ দেশতে ভেকচিনেচনৰ সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল স্বাস্থ্যকৰ্মীসকল। এই প্ৰসংগত মোদীয়ে কয়, ‘‘এয়া চৰকাৰ বনাম ভাইৰাছ নহয়। আমি ইয়াক প্ৰথমৰে পৰা জীৱন বনাম ভাইৰাছৰ যুঁজ হিচাপে চাইছো।’’মোদীয়ে বিল গেট্ছক কয়, ‘‘দেশবাসীৰ আস্থা অৰ্জনৰ বাবে মই প্ৰথম ভেকচিন লৈছিলো। মোৰ মাৰ বয়স তেতিয়া ৯৫ বছৰ। তেঁৱো ভেকচিন লৈছিল। আমি উদাহৰণ সৃষ্টি কৰিব বিচাৰিছিলো যে ভেকচিনে মানুহৰ জীৱন বচাব। প্ৰায় ৪৫ মিনিটৰ আলোচনাত কৃত্ৰিম বুদ্ধিমত্তা, প্ৰযুক্তি, জলবায়ু আদিক লৈ বিল গেট্ছৰ সৈতে কথা পাতে মোদীয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 5 =

Back to top button