Socialভাৰত

ৰাষ্ট্ৰীয় হিন্দী দিৱস

হিন্দী দিৱসৰ ইতিহাস

হিন্দী ভাষাৰ প্ৰচাৰ, প্ৰসাৰৰ আৰু ভাৰতৰ ৰাষ্ট্ৰভাষা হিন্দীৰ সন্মানাৰ্থে প্ৰত্যেক বছৰে ১৪ ছেপ্টেম্বৰৰ দিনটোত ভাৰতে ৰাষ্ট্ৰীয় হিন্দী দিৱস পালন কৰে।
হিন্দী ভাষাৰ অধিক প্ৰাধান্য থকা ভাৰতৰ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ, দিল্লী, হাৰিয়ানা, ঝাৰখণ্ড, উত্তৰাখণ্ড, ছট্টিশগড়, ৰাজস্থান আদি ৰাজ্যত ৰাষ্ট্ৰীয় হিন্দী দিৱস বিশেষভাবে পালন কৰা হয়।
হিন্দী হৈছে এটা ইণ্ডো-আৰ্য ভাষা। এই ভাষাৰ প্ৰচলন ভাৰতত সৰ্বাধিক। ভাৰতৰ ৰাষ্ট্ৰভাষা হিন্দী দেৱনাগৰী লিপিত লিখা হয়। হিন্দীক হিন্দুস্তানী ভাষাৰ এটা উন্নত পৰ্যায় লগতে সংস্কৃতৰ প্ৰাধান্য থকা এটা ভাষা। বৰ্তমানৰ হিন্দী ভাষাটো পূৰ্বৰ হিন্দুস্তানী ভাষাৰ দিল্লীত প্ৰচলিত খাৰিবলি উপভাষাৰ প্ৰভাৱ দেখা যায়।
ভাৰতৰ সংবিধানস্বীকৃত ২২ টা ভাষাৰ ভিতৰত হিন্দী এটা অন্যতম ভাষা। লগতে ই ভাৰতৰ নখন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যভাষা আৰু তিনিখন ভাৰতীয় ৰাজ্যৰ উপ-ৰাজ্যভাষা।
হিন্দী ফিজি দেশত এটা অফিচিয়েল ভাষাৰূপে স্বীকৃতি লাভ কৰিছে আৰু তাক ফিজি হিন্দী বুলি কোৱা হয়। ত্ৰিনিদাদ এণ্ড টবেগ’,গুয়েনা, চুৰিনামতো হিন্দী ভাষাই স্বীকৃতি লাভ কৰিছে, তাক কেৰিবিয়ান হিন্দী বোলা হয়। হিন্দী হৈছে পৃথিৱীৰ সৰ্বাধিকভাৱে প্ৰচলিত চতুৰ্থ জনপ্ৰিয় ভাষা। হিন্দী আৰু উৰ্দু লগ লাগি হোৱা হিন্দুস্তানী ভাষা পৃথিৱীৰ তৃতীয় সৰ্বাধিকভাৱে প্ৰচলিত ভাষা।
প্ৰতি বছৰে ১৪ ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় হিন্দী দিৱস পালন কৰাৰ আঁৰত আছে এটা ইতিহাস- ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰ দিনটোতেই ভাৰতবৰ্ষৰ সংবিধান সভাই দেৱনাগৰী লিপিত লিখিত হিন্দী ভাষাক স্বীকৃতি প্ৰদান কৰিছিল। তেতিয়াৰ পৰাই হিন্দী ভাষাক স্বীকৃতি দিয়া এই ১৪ ছেপ্টেম্বৰৰ দিনটোক ৱাৰ্ধাৰ ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ অনুৰোধত ৰাষ্ট্ৰীয় হিন্দী দিৱস হিচাপে পালন কৰা হয়।
১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত ভাৰতৰ সংবিধান সভাই হিন্দীক অফিচিয়েল ভাষাৰূপে গ্ৰহণ কৰা এই সিদ্ধান্ত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সমগ্র ভাৰতবৰ্ষত বলবৎ কৰা হৈছিল। ভাৰতীয় সংবিধানৰ ৩৪৩(ক) নং অনুচ্ছেদমতে,দেৱনাগৰী লিপিত লিখা হিন্দী ভাষাক ভাৰতৰ অফিচিয়েল ভাষা হিচাপে গ্ৰহণ কৰা হৈছে। হিন্দী আৰু ইয়াৰ লগত সংপৃক্ত ভাষাসমূহক সমগ্ৰ বিশ্বৰ প্ৰায় ৩২.২ কোটি মানুহে প্ৰাথমিক তথা মাতৃভাষা হিচাপে হিন্দী ভাষা কয় আৰু প্ৰায় ২৭ কোটি মানুহে দ্বিতীয় ভাষাৰূপে হিন্দী ভাষা কয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.