Educationদৈনিক বাতৰিভাৰত

আজি শিক্ষক দিৱস, শিক্ষাৰ্থীৰ ভৱিষ্যত গঢ় দিয়া প্ৰতিজন শিক্ষকলৈ জনাইছো গভীৰ শ্ৰদ্ধা …

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত থকা সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে শিক্ষকসকলক তেওঁলোকৰ নিস্বাৰ্থ ত্যাগৰ বাবে শ্ৰদ্ধা নিবেদন কৰাৰ বাবেই এই দিৱস পালন কৰা হয়

জীৱনৰ আদিপাঠ শিকায় যিয়ে, তেঁৱেই হৈছে শিক্ষাগুৰু। কেৱল শ্ৰেণীকোঠাতেই আৱদ্ধ নাথাকে শিক্ষাৰ পৰিধি। এজন শিক্ষকে গঢ় দিয়ে শিক্ষাৰ্থীৰ ভৱিষ্যত। সকলো বাধা-বিঘিনিকো নেওচি শিক্ষাৰ্থীৰ জীৱন গঢ় দিয়াত হেমাহি নকৰে শিক্ষকে।শিক্ষক হৈছে এডাল মমবাতিৰ দৰে, যিয়ে নিজে গলি আনক পোহৰ বিলায়।

সহজ অৰ্থত, এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ কল্পনা শক্তিক অধিক দৃঢ় কৰি তোলাৰ লগতে শিকণ প্ৰক্ৰিয়াও সহজ কৰি তোলে।

আজি শিক্ষক দিৱস। দেশ জুৰি প্ৰত্যেক বছৰৰ ৫ ছেপ্তেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত থকা সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে শিক্ষকসকলক তেওঁলোকৰ নিস্বাৰ্থ ত্যাগৰ বাবে শ্ৰদ্ধা নিবেদন কৰাৰ বাবেই এই দিৱস পালন কৰা হয়।

ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ, স্বাধীন ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। জীৱনৰ সকলো সফলতাৰ পিছতো শিক্ষক হিচাপেই জীৱন কটাইছিল সৰ্বপল্লী ৰাধাকৃষ্ণণে। তেখেতে বিশ্বাস কৰিছিল যে, এজন সঁচা শিক্ষকে সদায় শিক্ষাৰ্থীৰ চিন্তাৰ উন্মেষ ঘটায়।

সেয়েহে আজিৰ দিনটোত শিক্ষাগুৰুৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱা, ত্যাগক শ্ৰদ্ধা জ্ঞাপন কৰি পালন কৰা হয় শিক্ষক দিৱস। এই পবিত্ৰ শিক্ষক দিৱসৰ দিনটোত শিক্ষাৰ্থীৰ ভৱিষ্যত গঢ় দিয়া প্ৰতিজন শিক্ষকলৈ জনাইছো গভীৰ শ্ৰদ্ধা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.