Assamnationalদৈনিক বাতৰি

EDৰ জেৰাৰ সন্মুখীন নহয় অৰৱিন্দ কেজৰিৱাল…..

EDৰ জেৰাৰ সন্মুখীন নহয় অৰৱিন্দ কেজৰিৱাল

EDৰ জেৰাৰ সন্মুখীন নহয় অৰৱিন্দ কেজৰিৱাল

মধ্যপ্ৰদেশলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে যাব কেজৰিৱাল

পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰে অংশ ল’ব বিশাল ৰোড শ্ব’ত

EDৰ চমনক বে-আইনী আখ্যা দিল্লীৰ মুখ্যমন্ত্ৰীৰ

শীঘ্ৰেই চমন প্ৰত্যাহাৰৰ দাবী কেজৰিৱালৰ

EDৰ জেৰাৰ সন্মুখীন নহয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল। তাৰ পৰিৱৰ্তে মধ্যপ্ৰদেশলৈ যাব দিল্লীৰ মুখ্যমন্ত্ৰীজন। মধ্যপ্ৰদেশৰ ছিংগ্ৰলীত এক ৰোড শ্ব’ত অংশ ল’ব কেজৰিৱালে। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ সৈতে ৰোড শ্ব’ত অংশ ল’ব কেজৰিৱালে। কিছু সময়ৰ পূৰ্বে EDৰ জাননীক বেআইনী আখ্যা দিয়ে অৰৱিন্দ কেজৰিৱালে। EDৰ চমন ৰাজনৈতিকভাৱে প্ৰভাৱিত আৰু তেওঁক নিৰ্বাচনী প্ৰচাৰত যোৱাৰ পৰা বাধা দিয়াৰ বাবেই এই চমন জাৰি কৰা হৈছে বুলি মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে মন্তব্য কৰিছে। ইফালে, অৰৱিন্দ কেজৰিৱালক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে দিল্লীৰ অন্য এজন মন্ত্ৰীৰ বাসভৱন আৰু মন্ত্ৰীজনৰ লগত সম্পৰ্ক থকা প্ৰায় ৯টা স্থানত EDএ তালাচী চলায়। দিল্লীৰ শ্ৰম মন্ত্ৰী ৰাজকুমাৰ আনন্দৰ চিভিল লাইনছত থকা বাসভৱন আৰু অন্যান্য স্থানত তালাচী অভিযান চলায় EDএ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − four =

Back to top button