অসমদৈনিক বাতৰিভাৰত

অতিৰিক্ত দাম বৃদ্ধিৰ বাবে মেকডনাল্ডছে খাদ্য মেনুৰ পৰা আঁতৰালে বিলাহী।

এতিয়াৰে পৰা আপুনি বাৰ্গাৰৰ ভিতৰত নাপাব বিলাহী!

ফাষ্ট ফুড কোম্পানী মেকডনাল্ডছে ভাৰতত খাদ্য মেনুৰ পৰা অস্থায়ীভাৱে আঁতৰ কৰিছে বিলাহী। ভাৰতত বিলাহীৰ মূল্য হঠাতে বৃদ্ধি হোৱাৰ বাবে ফাষ্ট ফুড কোম্পানীটোৱে এই সিদ্ধান্ত লৈছে। সাধাৰণতে বাৰ্গাৰৰ মাজত বিলাহীৰ টুকুৰা আৰু ৰেপ ফিলিংত মেকডনাল্ডছে বিলাহী ব্যৱহাৰ কৰিছিল। এতিয়াৰে পৰা এইবোৰত বিলাহী প্ৰদৰ্শন কৰা নহ’ব বুলি মেকডনাল্ডছে উল্লেখ কৰিছে।

শুক্ৰবাৰে এক বিবৃতিত মেকডনাল্ডছে কৈছিল, বতৰৰ সমস্যাৰ বাবে বজাৰত অত্যাধিক হাৰত বৃদ্ধি পাইছে বিলাহীৰ মূল্য। যাৰ বাবে বিলাহী সংগ্ৰহ কৰিবলৈ সক্ষম নহয় মেকডনাল্ডছ। কিছুমান বজাৰত বিলাহীৰ মূল্য প্ৰতি কিলোগ্ৰামত ২০০ টকালৈ বৃদ্ধি পাইছে। সেয়ে বিলাহীৰ যোগানৰ সমস্যাৰ বাবে মেকডনাল্ডছৰ খাদ্যৰ মেনুত বিলাহী পৰিৱেশনত বাধা আহিছে।

মেকডনাল্ডছ ইণ্ডিয়াৰ এজন মুখপাত্ৰই লগতে কয়, ‘আমি আমাৰ গ্ৰাহকসকলক আশ্বাস দিব বিচাৰো যে আমি অতি সোনকালে আমাৰ মেনুলৈ বিলাহী ঘূৰাই অনাৰ সকলো সম্ভৱ উপায় অন্বেষণ কৰি আছো।’

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.